পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
চতুৰ্থ স্কন্ধ।

এতেকে সঞ্চিত আৰু প্ৰাৰব্ধ কৰম।
প্ৰায়চিতে নোহেশুদ্ধি বেদৰ বচন॥
বৰ্তমান কৰ্ম্ম মাত্ৰ প্ৰায়চিত্তে ক্ষয়।
অন্যদুই বিধকৰ্ম্ম নিশ্চয়ে অক্ষয়॥
এতেকে বালক আমি কংসক অৰ্পিবো।
পূৰ্ব্ব সত্য পালি লোক নিন্দা গুছাইবো॥
অনিত্য সংসাৰে মাত্ৰ ধৰ্ম্ম মূল সাৰ॥
জনম মৰণ দৈবাধীন সবাকাৰ
নিৰৰ্থক শোক কৰা নহয় কৰ্ত্তব্য।
সত্য যাৰ গৈল তাৰ জীবনে কি কাৰ্য্য।
ইহলোক গৈল যাৰ পৰলোক কৈত।
এতেকতে দিয়া লৰা অৰ্পিবো কংসত॥
সুখে দুঃখে সুকৃত ধৰ্ম্মক ৰক্ষা যোগ্য।
সত্যত থাকিলে ভবিষ্যতে হোৱে ভদ্ৰ॥
বসুদেৱ বাক্য শুনি দৈবকী দুঃখিত।
শোকে কান্দি কাটি পুত্ৰ দিলন্ত হাতত॥
পুত্ৰ লৈই বহু যেবে কংসালয়ে যায়।
হাটৰুয়া বাটৰুয়া দেখি দুঃখ পায়॥
পথুকে বোলন্ত ধন্য বসুদেব শান্ত।
সত্যে বন্দি নিজ পুত্ৰ বধিবাক দেন্ত॥