পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
শ্ৰীদেবীভাগৱত।


বসুদেবৰ উত্তৰ

বস্তুদেব কহেদেবি সবে সত্য কৈলা।
উদ্যোগ উচিত সৰ্ব্বত্ৰতে দৈবফলা॥
তিনিবিধ দৈব বুলি কহে মুনিগণ |
সঞ্চি আৰব্ধ বৰ্ত্তমান এহিতিন॥
ইটো তিন অগমে পুৰাণে কৰ্ম্মউক্ত।
ইহাতে সকল জীব হয় ভোগী ভুক্ত॥
শুভা শুভ দুইকৰ্ম্ম বীজ উৎপাদন।
অসংখ্যাত জন্মলগে থাকে সৰ্ব্বক্ষণ॥
কৰ্ম্মবশে পূৰ্ব্বদেহ ত্যাগী জীবগণ।
স্বৰ্গ বা নৰক প্ৰাপ্ত হয় অনুক্ষণ॥
দিব্যদেহ পায় আৰু নবকী দেহো পায়।
স্বৰ্গে বা নৰকে ভোগ অবশ্য কৰয়॥
পূৰ্ব্ব ভোগ অস্তেপাছে কাল প্ৰাপ্ত হইলে।
ঐহিকে আৰব্ধ ফল জীবসঙ্গে চলে॥
লিঙ্গদেহ সঙ্গে ইটো জীবনাম লই।
তাতে পুৰবৰো কৰ্ম্ম যোগ লাগে গই॥
এহিৰূপে দেহধৰি শুভ শুভ কৰ্ম্ম।
আৰব্ধ সহিত হয় জীবভোগ ধৰ্ম্ম॥