পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
চতুৰ্থ স্কন্ধ।

সিসবাৰ পাপভৰে হইছো দুৰ্ব্বল।
দুষ্ট ৰাজা বধিৰক্ষা কৰা মহাবল॥
ব্ৰহ্মা বোলে ভাৰহৰা মোৰ শক্তি নাই।
চলাদেবী বিষ্ণুৰ সদনে সবে যাই॥
বিষ্ণু কৰিবন্ত ভাৰহৰ নৰকাৰ্য্য।
পূৰ্ব্বাবধি আমিয়ো ভাবিছো হৃদিমাজ॥
এতকহি হংসেচড়ি দেব চতুৰ ৰ্ম্মুখ।
বিষ্ণুৰ সদনে গৈল পৃথিবী সহিত॥
দেবতাৰ শ্ৰেষ্ট দেব দেব জগন্নাথ।
নমিলন্ত ব্ৰহ্মা প্ৰেম ভকতি সহিত॥
সহস্ৰ শিৰিষ তুমি সহস্ৰ চৰণ।
আদিদেব সনাতন পুৰুষ প্ৰধান॥
ভুত ভবিষ্যত বৰ্ত্তমান যত কিছু।
সৰ্ব্বত্ৰতে অধিষ্ঠাতা তুমি মহাপ্ৰভু॥
আমাকো অমৰ তুমি দিছা ৰমাপতি।
ত্ৰিজগতে তোমাৰ মহিমা জানেকৈতি॥
তুমি ধাতা হৰ্ত্তা কৰ্ত্তা সকলৰ গতি।
পৰম পুৰুষ তুমি দেব জগৎপতি॥
এতস্তুতি যেবে কৰিলন্ত ব্ৰহ্মা দেব।
তুস্ট হুই পাছে দেখা দিলন্ত কেশব॥