পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
চতুৰ্থ স্কন্ধ।

বাসবে পুচিল দেবী কিভৈল তোমাৰ।
কিবা ভাৰ পাই দুঃখ ভৈল বসুন্ধৰ॥
হেনশুনি কহেদেবী শুনা পুৰন্দৰ।
কিবা সোধা দুঃখকথা মহাভাৰ মোৰ॥
মাগধত মহাপাপী দুষ্ট জৰাসন্ধ।
শিশুপাল কাশিৰাজ ৰুক্মি বলবন্ত॥
নৰ্কাসুৰ কংস ৰাজ শাল্ব শৈল্য দৈত্য।
দুস্ট কেশী ধেনুক বুক ভগদত্ত॥
ইটোসৰ্ব্ব স্বামী মোৰ সবেধৰ্ম্ম হীন।
পৰস্পৰ সৰ্ব্বদা বিৰোধি কালে যম॥
অহঙ্কাৰী পাপাচাৰী উন্মত্ত পামৰ।
ইসবৰ ভৰে পীড়া পাইছো দোৰ্ঘোৰ॥
পাপ ভৰা সহিবাক নাহিকে শকতি।
কিকৰিবো কৈক যাইবো মোৰ চিন্তা অতি॥
পূৰ্ব্বে কাশ্যপৰ পুত্ৰ হিৰন্যক্ষ দৈত্য।
বলে ডুবাইল যেবে প্ৰলয় জলত॥
✶ ইহাৰ দ্বাৰা বুজাই ৰাম অবতাৰৰ
পৰে দ্বাপৰৰ অদিত পৃথিবীয়ে প্ৰাৰ্থনা
কৰাগৈ নাই দ্বাপৰৰ শেষত হে গৈছিল,
কাৰণ এই ৰজাবিলাক মাত্ৰ ১০০ বৰ্ষ আছিল॥