পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
শ্ৰীদেবীভাগবত

পাঞ্চালীৰ পঞ্চ ভৰ্ত্তা লোকে কুৎসা কৰে।
সদাচাৰে ভালমন্দ জ্ঞানীৰ বিচাৰে॥
সমৰ্থ হইয়ো কেনে পশু ধৰ্ম্মেৰত।
ইহাৰ কাৰণ বিস্তাৰিয়া কহা মোত॥
দেবৰূপী ভীষ্মে বা কি কৈল ভুমিতলে।
বংশৰক্ষা কৰাইল জাজ কৌশলে॥
জহৰা বিধৰ্ম্ম অতি কহে মুনিগণ।
হেনশুনি কৰে ব্যাস সেমেনা সেয়েন॥
যি কোন উপায়ে যদি পুল্ৰ উৎপাদান।
কুল ধৰ্ম্ম নষ্ট পিতৃ নৰকে পতন॥
সপ্তদশ অধ্যাপদ পৰম ৰহস্য।
জন্মেজয় প্ৰশ্ন তৰ্কবাদ মুনিভাষ্য॥
ভণিল গোপাল দেব পদ নিৰ্ব্বন্ধনে।
বোলা ৰাম ৰাম ডাকি সপ্ত সাধুজনে॥

কৃষ্ণজন্ম ৰহস্য। 

পদ।

ব্যাস নিগদতি ৰায় কৃষ্ণৰ চৰিত।
অবতাৰ কাৰণ শুনাহা অদ্বভূত॥
পাপ ভৰে আক্ৰান্ত হইয়া বসুমতী।
গাভী ৰূপ ধৰি পূৰ্ব্বে গৈল অম্ৰাবতী॥