পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
শ্ৰীশ্ৰীদেবী ভাগৱত।

যুদ্ধহেতু মাতাতুমি দেখিছা বিৰোধ।
নতুবা গিয়াতি দ্বন্দ নাহি হয়বোধ॥
আমি ধৰ্ম্মজানো আই! ইন্দ্ৰতো কহিছো।
তথাপিতো ভোগলাগি কলহ কৰিছো॥
তুমিবিনে সংসাৰত এক কেহোনাই।
লালশা নিবৃত্তি কৰে কাৰ শক্তি আই॥
পূৰ্ব্বে দেবাসুৰে কৈল সমুদ্ৰ মথণ।
বিষ্ণু জন্মাইল ভেদ বান্তি স্নধাধন॥
ঐৰাবত কামধেনু পুষ্প পাৰিজাত।
উচ্চৈ শ্ৰবা আদিৰত্ন দেবক দিলন্ত॥
কপটী মাধবে ছলে কৈল হেন ৰীত।
দেবতা অন্যায় কৰে দেখিযো ধৰ্ম্মত্ত্ব॥
দেবক স্থাপিল বিষ্ণু অন্যায় বলত।
দৈত্য ভৈল পৰাজয় দেখা ধৰ্ম্মতত্ব॥
কৈত ধৰ্ম্ম কিবা কৰ্ম্ম সাধুকোন জন।
মিমংাসা শাস্ত্ৰৰ মত কহো কাৰস্থান॥
তৰ্ক্কবাদী যুক্তিবাদী আৰু বেদ বাদী।
সকলে কহন্ত বিশ্ব জড় মায়াকৃতি॥
একজন কৰ্ত্তা ভৈলে সংসাৰ ভিতৰে।
একধৰ্ম্মে বিৰোধ কিৰূপ হুইবে পাৰে॥