পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
চতুৰ্থ স্কন্ধ

বেদ শাস্ত্ৰ একমতি কদাপি নোহয়।
বেদজ্ঞ পণ্ডিতো এক বাক্য নকহয়॥
জঙ্গম স্থাবৰ আদি সবে চৰাচৰ।
সৰ্ব্ব আত্মস্বাৰ্থী মাতা সংসাৰ ভিতৰ॥
স্পৃহা হীন কোনো না হইল না হইব।
বৈকাধিক দেহে মাতা কিনতে সম্ভব॥
শচাপতি গুৰু ভাৰ্য্যা বলে হৰি নিল।
বাসবে গৌতম ভাৰ্য্যা জাতি ভ্ৰট কৈল॥
ভাতৃবধু বৃহস্পতি কৈল বলাৎকাৰ।
গৰ্ভবৰ্তী বুধ পত্নী নসহে শৃঙ্গাৰ॥
গৰ্ভৰ বালকে শাপি কণা কৰিলন্ত।
বৈকাৰিক দেহে শৃহা সবাকে আচন্ত॥
চক্ৰ হানি বিষ্ণু শিৰ ছেদিল বাহুৰ।
ব্ৰাহ্মণীৰ শিৰ কাটিলন্ত দামোদৰে॥
মোৰ নাতি বলী সত্য ব্ৰত পৰায়ণ।
যজ্ঞ দান পতি দেব পূজক উত্তম॥
ধৰিয়া বামন ৰূপ হৰি ছল কৈল।
ৰাজ্য ধনে বলীৰাজে বঞ্চিত কৰিল॥
বিনা অপৰাধে সত্বগুণী গদাধৰ।
বৈকাৰিক দেহেকৰে ইৰূপ আচাৰ॥