পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
শ্ৰীশ্ৰীদেবী ভাগৱত।

হেনশুনি ৰঙ্গভৈল ইন্দ্ৰৰ নন্দনী।
সৰ্ব্বজ্ঞ তপসী তুমি জানিছ৷ আপুনি॥
শুক্ৰ কহে অবশ্য বুজিছো মই কন্যা।
তথাপিতো কহ৷ তুমি যি আছে কামনা॥
যিবা লাগে কৰো সত্য বৰপ্ৰীত ভৈলো
তোমাৰ ভক্তিত আমি সন্তোষ লভিলো॥
জয়ন্তী বোলন্ত আমি ইন্দ্ৰৰ নন্দনী।
জয়ন্তা আমাৰ জেষ্ট তাহাৰ ভগিণী॥
পিতৃ সমৰ্পিল দেব তোমাৰ হাতত।
মোৰবাঞ্চা গ্ৰহণ কৰাহা ধৰ্ম্মমত॥
হেনশুনি কহে শুক্ৰ শুনা সুবদনী।
মোৰসঙ্গে দশবৰ্ষ বঞ্চিবা যামিণী॥
অদৃশ্য ভাবত যথা খুচি বিহাৰিবা।
সৰ্ব্বভুত চক্ষে তুমি আদৰ্শিতা ৰৈবা॥
এতবুলি শুক্ৰাচাৰ্য্যে জয়ন্তীক লই।
গুপুত ভাবত ৰাখে নিজগৃহে গই॥
মায়াবলে সৰ্ব্বভুতে নেদেখা কৰিল।
এহিৰূপে দশবৰ্ষ ৰঙ্গে বিহৰিল॥
দৈত্যসবে শুনি শুক্ৰ মন্ত্ৰ লভিআইল।
দৰ্শন কৰিবে লাগি গৃহত চলিল॥