পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
চতুৰ্থ স্কন্ধ।

সিসবে কৰন্ত জয়ন্তীৰ পৰিচৰ্য্যা
বাপ ঘৰ হস্তে আনি দিয়ে ভাৰ বোঝা॥
এহিৰূপে বহুকাল পৰিচৰ্য্যা কৰে।
জিত ক্ৰোধ মুনিবৰে ভুলাবে নপাৰে॥
সহস্ৰ বৰিষ পুৰ্ণ হইলন্ত যেবে।
তুষ্টহুই শিবে বৰ দিবে আইল তেবে॥
মহেশ কহস্ত যত আছয় সংসাৰে।
যতেক দেখিছ তুমি জগত ভিতৰে॥
বাক্যে প্ৰকাশিবে যাক পাৰ মুনি বৰ।
কহিবে নপাৰ যাক সংসাৰ ভিতৰ॥
ইচ্ছা মাত্ৰে সৰ্ব্বসিদ্ধি অবশ্য হুইবে।
আৰু সৰ্ব্বভুতে তুমি অবধ্য হইবে॥
দিলো ইষ্ট বৰ শুক্ৰ ঘৰে চলিযাস।
এতবুলি অন্তৰ্দ্ধ্যান ভৈল কীৰ্ত্তিবাস॥
ব্যাস নিগদতি শুক্ৰ ইষ্টবৰ লভি।
পুচিবে লাগিলা পাচে জয়ন্তীক দেখি॥
কোন তুমি কাৰকন্যা কিকাৰ্য্যে আসিছা।
যিবা বাঞ্ছা দিবো আজি নাহিক অন্যথা॥
তোমাৰ সেৱাত বৰ হইলো প্ৰসন্ন।
যদিবা দুৰ্ল্লভ তাকো কৰিব অৰ্পণ॥