পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
চতুৰ্থ স্কন্ধ।

দেখি ইন্দ্ৰ আদি দেৱ বিস্ময় ভৈলন্ত।
দেৱক সম্বুধি পাছে ইন্দ্ৰে বুলিলন্ত॥
তপ বলে ভৃগু পত্নী জীবিত কৰিল।
শুক্ৰ তপ বলে হৈবে বিষময় ফল॥
মন্ত্ৰ লভি বাক্য যেবে বিঘ্নি আচৰয়।
সেই ভয়ে তনু মোৰ কাম্পে দেবচয়॥
ব্যাস দেৱ কহে ইন্দ্ৰে শুক্ৰ তপ শুনি।
ভয়ে ক্ষুধা নিদ্ৰা এৰিলন্ত সুৰমনি॥

অথ জয়ন্তী প্ৰেৰণ৷

মনে বিমৰষি কন্যা জয়ন্তীক আনি।
মৃদু হাসি পুৰন্দৰে বুলিলন্ত বাণী॥
যাহ কন্যা মই তোক শুক্ৰত অৰ্পিছো।
তপস্বিণী হুই তাঙ্ক ভজিবে কহিছো॥
তাঙ্ক ভজি মোৰ বশ কৰহ কুমাৰী।
মনে প্ৰাণে উপচাৰে ভজহ ঝিযাৰী॥
স্বামী গৃহে যাহ মোৰ ভয় কৰ দূৰ।
পিতৃ আজ্ঞা মানি কন্যা ভৈল অগ্ৰসৰ॥
তৈত গই দেখে কাব্য ধুম পাণ কৰে।
দেহ দেখি পিতৃ বাক্য কন্যা মনে পৰে॥