পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮ শঙ্কৰদেৱ । লোকৰ লেখৰপৰা বাদ দিয়া যায়, তেন্তেও তেওঁ ৰচা কীৰ্ত্তন, দশম, নাট, গীত, ভাটমাৰে অকমকীয়া অসমীয়া সাহিত্যৰ অমৃতসমুদ্ৰৰপৰা তেওঁলোক কোনোমতে পাৰিলৈ উঠিব নোৱাৰে। আসামত যি লোকে তাৰপৰা আঁতৰি থাকিব খুঞ্জিব তেওঁ গহন বনত চৰাই পহুৰে সৈতে বাস কৰি চকু মুদি বহি নাথাকিলে আৰু উপায় নাই ; আক সেইদৰে থাকোতেও, সম্ভৱত: দূৰৈত খয়িকটীয়াই ৰিঙিয়াই গোৱা কীৰ্ত্তনৰ সুমধুৰ পদ তেওঁৰ কাণত নপৰাকৈ নাথাকে। শঙ্কৰদেৱৰ ৰচনাৰপৰা উদ্ধত । কৰি সৌন্দৰ্য্য দেখুৱাবলৈ গলে অন্ত নপৰে। শ্ৰীময়াগৱতৰ বেদস্তুতিৰ কেনে সুম্বৰ ভাঙনি, চানেকী স্বৰূপে এডোখৰ । তলত দিলোঁ,---“বুদ্ধি অহঙ্কাৰে আবৰিলে আতি মতা মূট ভৈলে। স্বামী । তোমাৰ অৰ্থও আনন্দ ৰূপক কিমতে জানিবো আমি | দীন দয়াশীল, দিয়ে উপদেশ তোমাৰ চৰণে ধৰে1 । প্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক সদায় যিমতে কৰো । মিছা তর্কবাদে ভৈল অন্ধকাৰ তাতে আমো মন্দমতি। তযু জ্ঞান-পথ খুজিয়া নপাওঁ, কৰ ইৰি মোৰ গতি । তযু গুণ নাম মুখে। | নাছাৰোক, কৃপা কৰা চক্ৰপাণি । মাধৱ বামন গোবিন্দ বোলন্তে মুকুত হৈবে কৈসানি ॥। তুমি সত্য ব্ৰহ্ম, তোমাতে প্রকাশে জগত ইটো অসন্ত । জগততে সদা তুমিয়ে! প্রকাশ্য অস্বৰ্য্যামী ভগৱয় ॥। এতেকেসে জ্ঞানীগণে । অৱশেষি জগতকে বোলে হৰি ।। আৱে জগজীৱ তোমাৰ চৰণ ভজে1 হৃদয়ত ধৰি । যত তপ আছে সমস্তে কৰোক পৰোক পৰ্ব্বতে উঠি । সমন্তে । তীৰ্থত মানিয়া ফুৰোক, বেদক পঢ়োক তুষ্টি ॥ যত যজ্ঞ আছে। সমস্ত বজোক, কৰোক যোগ 'অভ্যাস। । হৰিৰ কীৰ্ত্তন নকৰি