পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
লৱ-কুশৰ যুদ্ধ

একে সমৰতে সবে সৈন্য ভৈল হত।
মােক লাগি জানােহো যমৰ নাহি দূত।।
লৱ কুশে বােলে আজি কিনো কথা ভৈল ।
দুই ভাই কান্দি কান্দি তথাতে বহিল ॥৩৭৫
সীতা বােলে উঠা প্রভু দয়াৰ গােসাই।
তোমাৰ লগত নিয়া মৰি যাওঁ মই ।।
শত্রুঘ্ন লক্ষ্মণ ভৰতৰ ধৰি গলে।
ধৰিয়া কান্দন্ত সতী হাকুলে ব্যাকুলে ॥৩৭৬
বুকে মুঠি হানি ৰাম চৰণত ধৰি।
নাহিকে চেতন মাৱ থাকিলেক পৰি।।
লৱ কুশ দুই ভাই তুলিয়া ধৰিলা।
অমৃত জলক আনি মাথাত ঢালিলা ॥৩৭৭
কতােবেলি চেতন লভিলা সীতা সতী।
ৰামক লাগিয়া শােক কৰিলন্ত আতি।।
ত্রিভুৱনে জিনন্তা নভৈলা কোনজন।
পুত্ৰৰ হাতত আজি মিলিল মৰণ ॥৩৭৮
নাম শুনি তােমাৰ যে ৰাক্ষস কপিলা।
লঙ্কা নগৰীত দশাননক জিনিলা।।
সেহি পাপ এৰাইবাক যজ্ঞ আৰম্ভিলা।
ঘােৰাৰ নিমিত্তে প্রভু প্রাণক এৰিলা ॥৩৭৯
হা প্রাণ বিধাতা কিসক জন্ম দিলা।
এহি বয়সতে মােক বিধৱা কৰিলা।।