পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
লৱ-কুশৰ যুদ্ধ

আছিলাে জনক জীয়া ৰামচন্দ্রে কৰে বিয়া
 মােক আনিলেক অযোধ্যাক।
পিতৃৰ যে আজ্ঞা পালি  বনবাসে গৈলা চলি
 গৈলা পাচে দণ্ডকা বনক।
পাপিষ্ঠ ৰাৱণে হৰি লঙ্কাপুৰে নিলা ধৰি
 বালী বধি যমঘৰে নিলা।
সাগৰত বান্ধি সেতু ৰাক্ষস বধৰ হেতু
 পাপিষ্টক ৰাঘৱে মাৰিলা ॥৩৬৫
লঙ্কাত কৰিলা লীলা  পুনু বনবাস দিল।
  দুই গুটি পুত্র ভৈলা জাত।
বাল্মীকি ঋষিয়ে পাই  আশ্ৰমক লৈয়া যায়
 ধনু শৰ শিকাইলা বহুত॥
কিনাে মােৰ পুত্র দুই  মােৰ বুকে দিলা জুই
 কালে সীতা পৃথিবীত পৰি।
হনুৰ গলত ধৰি কান্দে আর্তনাদ কৰি
 লঙ্কা দহি আনিলা উদ্ধাৰি ॥৩৬৬
হেন তই বীৰ বলি শিশুৰ হাতত পৰি
 সামৰাজে মৰিলি সকল।
এতেক বাঞ্চিলো দুখ  নেদেখিলো প্রভু মুখ
 অন্তকালে কি দুখ আমাৰ॥
কান্দি কান্দি কহে আই  দুহান্তৰ মুখ চাই
 তােমাৰ অৱস্থা হেন ভৈলা।