এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
লৱ-কুশৰ যুদ্ধ
চাৰি ভাইৰ দুই ভাই একেলগে হত।
কোন ভোগ ভুঞ্জো মই থাকি অযোধ্যাত॥২৬৮
এতেক বোলন্তে ৰাম পাইলন্ত চেতন।
কান্দিয়া ভৰতে হেন বুলিলা বচন॥
এবে কোন কাৰ্য্যে প্ৰভু কৰা অসন্তোষ।
আপুনি জানাহা প্ৰভু আপোনাৰ দোষ॥২৬৯
ইষ্ট বন্ধু বান্ধৱে সমস্তে দিলা হাক।
তথাপিতো বনবাসে পঠাইলা সীতাক॥
যি কালত বনবাসী ভৈলা সীতা সতী।
সেহিকালে আপদক লভিলা সম্প্ৰতি॥২৭০
যিহেতু তোমাৰ বোল বাধিতে নপাৰি।
লক্ষ্মণে থৈলেক বনে জনক-জীয়াৰী॥
সিকালত মৰিবাক তান ভৈলা ইচ্ছা।
হেন জানা আমাসাৰ জয় হেতু মিছা॥২৭১
সেহি ধৰি লক্ষ্মণৰ সুখ শান্তি নাই।
এৰিলেক প্ৰাণ কুটুম্বেও সমুদায়॥
তাসম্বাক নেদেখিয়া আছো কিবা কাজে।
দিয়োক মেলানি ময়ো যাওঁ ৰণমাজে॥২৭২
পাৰে যে ছাৱাক মাৰি বহো সেহি ঠাই!
নৰো যেবে একে ঠাই হওঁ তিনি ভাই॥
হেন শুনি ৰামৰ অধিক ভৈলা শোক।
হা বিধি কিনো আজি দুখ দিলি মোক॥২৭৩