পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
লৱ-কুশৰ যুদ্ধ

ক্ষত্রি জাতি ভৈলে জানা হেন ব্যৱহাৰ।
সংগ্ৰামত মৃত্যু ভৈলে পুৰুষ উদ্ধাৰ।।
সিকাৰণে সাপক মনে দিলাে ঠাই।
তাসম্বাক শুদ্ধি কৰা ভৰত বােপাই ॥২৭৪
বিস্তৰ কটক লৈয়া যায়ো ঝাণ্ট কৰি।
কুশ-লৱ দুই ভাইক জীয়ন্তে আন ধৰি।।
হনুমন্ত জাম্বুৱন্ত অঙ্গুদ বিভীষণ।
সবে সাৱধানে ছৱালক দিবা ৰণ।। ২৭৫
অধিক বুলিবো কিবা তােমাৰ আগত।
সকল প্রকাৰে তুমি কুশল ৰণত ।।
মােৰ দোষ গুণ যত বিচাৰ নকৰি।
ভ্রাতৃৰ বৈৰীক জিনি আনা ঝান্ট কৰি ॥২৭৬
ভৰত বদতি যে ৰামৰ আজ্ঞা পালি।
তােমাৰ কটক মাৰে কোথেৰ ছৱালি।।
তুমি বা অঙ্গদ বিভীষণ হনুমান।
কোনে কিবা জানা সিটো ছাৱাৰ লক্ষ্মণ ॥২৭৭
অঙ্গদে বেলন্ত সবহাঙ্কে আগ কৰি।
ৰামৰ কুমতি আইলা শিশুৰূপ ধৰি।।
অকাৰ্য্যত সীতাক পঠাইলা বনবাস।
সেহিসে ক্ৰোধত কৰে সবাকে বিনাশ ॥২৭৮
জৈমিনি বদতি যে শুনা নৰনাথ।
সেহি বেলা যাত্রা কৰি লৰিলা ভৰত।।