পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
লৱ-কুশৰ যুদ্ধ

তোমাৰ সোদৰ বীৰবৰ হেন থান।
দয়া কৰি লক্ষ্মণে যে দিলা প্ৰাণদান॥
লক্ষ্মণৰ বাণী শুনি কুশৰ উত্তৰ।
তোমাক মেলানি দিলো তুমি যাহ ঘৰ॥২৫৮
ৰামত কহিবা গৈয়া বচন সন্দেশ।
নিজ প্ৰাণ ৰাখিয়া আসিলো তযু পাশ
প্ৰথমতে মাৰিলো তোমাৰ এক ভাই।
মৰিবাক লাগি তুমি আসিলা দুনাই॥২৫৯
সিকাৰণে দয়া মোৰ ভৈলা হৃদি-মাজ।
প্ৰাণ ৰাখি যোৱা তুমি এৰি লাজ কাজ॥
হেন শুনি কোপিলন্ত তোমাৰ সোদৰ।
হৃদয়ত কুশৰ মাৰিলা সাত শৰ॥২৬০
হৃদয়ত পৰি শৰ পিঠি বাঙ্গ হুই।
যেন সৰ্পৰাজে বিতলত লৈলা ঠাই॥
কতো বেলি স্বস্থ ভৈলা কুশ মহাবীৰ।
বতাসৰ কল যেন কাম্পয় শৰীৰ॥২৬১
কোপে অপমানে পাচে শৰ ধনু ধৰি।
লক্ষ্মণক কুশে তাৰিলেক দৃঢ় কৰি॥
সেহি শবে লক্ষ্মণৰ ভেদিলেক গাৱে।
কুশগাছ দিবে সন্ধি নথাকিল তাৱে॥২৬২
বিস্তৰ যুদ্ধক কৰিলন্ত যে লক্ষ্মণে।
কুশৰ শৰত মূৰ্চ্ছা গৈলন্ত তেখনে॥