পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
লৱ-কুশৰ যুদ্ধ

লক্ষ্মণৰ সঙ্গে সেনা পাইল পৰাভৱ।
চাৰিও দিশত দেখে লৱ কুশময়॥২৫২
কুশত লৱত বৰ ভৈলন্ত তৰাস।
অযোধ্যাত থাকিবাৰ নকৰন্ত আশ॥
ৰাখা ৰাখা প্ৰভু বুলি নমিলন্ত মাথে।
যুদ্ধৰ স্বৰূপ কথা কহিবো তোমাতে॥২৫৩
তোমাৰ আদেশে যে লক্ষ্মণ গৈলা লৰি।
যি থানত শত্ৰুঘ্ন বীৰ আছে পৰি॥
শত্ৰুঘ্নৰ অৱস্থাক দেখিয়া লক্ষ্মণে।
লৱক কুশক যুদ্ধ দিলা তেতিক্ষণে॥২৫৪
তোমাৰ লক্ষ্মণ ভাই কটক সহিত।
কুশৰ শৰত ফুটি ভৈলা জৰ্জ্জৰিত॥
অশোক পলাশ যেন মদাৰ শিমলি।
কাঞ্চন ৰতন যেন শোভে ৰণস্থলী॥২৫৫
কুশৰ শৰত ফুটিলেক সেনাচয়।
দেৱ কি মনুষ্য তাৰ নাহি পৰিচয়॥
বজ্ৰৰ প্ৰহাৰ নগণয় যিটো জন।
সেহি বীৰ শৰ ফুটি কৰিলা শয়ন॥২৫৬
সমুদায় কটক মাৰিলা দুই ভাই।
তেবেসে লক্ষ্মণ সংগ্ৰামক গৈলা ধাই॥
যুদ্ধ এৰি দয়া কৰি বোলন্ত লক্ষণে।
দোয এৰো ঘৰে যাস নমৰ পৰাণে॥২৫৭