এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
লৱ-কুশৰ যুদ্ধ
পাচে কাটিলন্ত শিৰ অৰ্দ্ধচন্দ্ৰ হানি।
চাৰিও দিশত শুনি হাহাকাৰ ধ্বনি ॥১১৬
সেনাপতি হত সৰ্ব্বজনে আছে চাই।
হস্তীস্কন্ধে চৰি ধাইলা তাৰ নাগ ভাই।।
হাতত শকতি ধৰি মাতে ভ্রাতৃশােকে।
ভ্রাতৃৰ লগতে দিবাে সৈতাৰি তােহােকে ॥১১৭
এহি বুলি নাগ বীবে হানিলা শকতি।
অগনিৰ শিখা যেন ভয়ঙ্কৰ গতি।।
দেখিলন্ত কুশে গদা চাপিলন্ত পাশ।
পাঞ্চ শৰ হানি তাক কৰিলা বিনাশ ॥১১৮
যিবা হস্তীস্কন্ধে নাগ বীৰ আছে চৰি।
শৰ হানি হস্তীৰ কাটিলা চাৰি ভৰি।।
উচ্চল পৰ্বত যেন হস্তী পৰে তথা।
হেন দেখি নাগবীৰে তুলি লৈলা গদা ॥১১৯
গদাগােট ধৰি নাগবীৰ আসে ধাই ।।
অদভুত দেখি সৰ্ব্বজনে আছে চাই ।
হাসিয়া সীতাৰ সুতে হানিলন্ত শৰ।
গদা সমন্বিতে হাত কাটিলা নাগৰ ॥১২৩
হস্তছেদ দেখি নাগবীৰ মহাকোপে।
বামহাতে গদাগােট ধৰিলা আটোপে।।
সিয়াে হাত কাটিল সীতাসুত কুশে।
সুধা গাণ্ডিগােট আসে বৰ অসন্তোষে ॥১২১