সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
লৱ-কুশৰ যুদ্ধ


ডাৱৰ খড়গ খসি পৰয় আপুনি।
খৰ বায়ু বহে গিৰ গিৰ ধ্বনি শুনি।।১০৫
ধূলায় আন্ধাৰ নেদেখয় দিশপাশ।
যেন গ্ৰহণৰ সূৰ্য্য নকৰে প্ৰকাশ।।
কততবেলি দিবাকৰ ভৈলন্ত উদিত।
শত্রুঘনে দেখে কুশ চাপিল সন্নিত ॥১০৬
শত্রুঘ্ন বদতি শুনিয়ােক সেনাচয়।।
একেশ্বৰে শিশু কেহো নকৰিবা ভয় ॥
একো একো বীৰ আসে মহেন্দ্ৰ পৰায়।
মৰিবাৰ ত্রাসে এৰিবাক নলাগয় ॥১০৭
হুয়া সাৱধান শত্রুঘন যে বদতি ।
আগবাঢ়ি যুদ্ধ সবে কৰিয়ে সম্প্রতি।।
যাৱদেকে সেনাপতি ইন্দ্ৰ কটকৰ ।
তাৱদেকে সেনাপতি কৰিয়ো সমৰ ॥১০৮
সেনাপতি বদতি শুনিয়ো নবেশ্বৰ।
তোমাৰ প্ৰসাদে কেনে সমৰক ডৰ।।
এক্ষণে শিশুক মাৰো থাকা ৰঙ্গ চাই।
এহি বুলি সেনাপতি ৰঙ্গে গৈলা ধাই ॥১০৯
থাক থাক অবে দুষ্ট পাপিষ্ঠ দুৰ্ম্মতি।
মৰিবাক লাগি তই আসিলি সম্প্রতি।।
বিস্তৰ সেনাক একেশ্বৰে দিলি ধাৰ।
আপুনি চিন্তিলি দুষ্ট আপোনাৰ মাৰ ॥১১০