পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
লৱ-কুশৰ যুদ্ধ

হেন দেখি ৰামসেনা তুলিলেক দণ্ড।
শঙ্খ ভেৰী মৃদঙ্গ বজাৱে বাদ্য ভণ্ড॥
কতে সেনাগণ আগবাঢ়ি গৈলা তয়।
কলৰ গাছৰ পৰা মেলিলেক হয়॥৬১
কতো কতো শাৰী হুয়া বজাৱে চাপৰি।
কতো কতো জনে নাচে অঙ্গি ভঙ্গি কৰি॥
সেহিবেলা আগবাঢ়ি গৈলা সেনাপতি।
দেখন্ত ছৱাল ভৈলা মৃতক সঙ্গতি॥৬২
ৰামৰ সদৃশ দেখো তাৰ কলেৱৰ।
কিসক মুগুণি তোক কৰিলো সমৰ॥
অনুমানে জানে তোৰ বয়স ওঠৰ।
কিবা নয় দশ তোৰ বাঢ়য় বছৰ॥৬৩
অল্প বয়সতে এতমান বীৰ ভৈলি।
মৰিবাক লাগি তই সুমৰণ থৈলি॥
জীৱন্ততে কিয় ধৰি নিনিলো বোপাই।
পালিলেক তোক তেবে ৰামদেৱে পাই॥৬৪
এবেসে মোহোৰ শোক ভৈলা তোক লাগি।
পালিবাক নপাৰিলো মই মন্দভাগী॥
জানোবা মোহোৰ ভাগ্যে কিবা আছে প্ৰাণ।
ঝান্ট কৰি যাই সেনাসব জল আন॥৬৫
আনিলেক জল ঢালিলেক তাৰ মাথে।
কিছু প্ৰাণ আছে দেখি তুলি লৈলা ৰথে॥