পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
লৱ-কুশৰ যুদ্ধ।

যদি মোৰ কুশ ভাই থাকয় লগত।
তেবে কি মোহোৰ ভয় আছে সমৰত॥৫৫
এবেসে জানিলো মোক চলিলেক বিধি।
শুনি আছো পুৰুষৰ সাহতেসে সিদ্ধি॥
যেবে মোৰ মাৱ সীতা শান্তি স্বৰূপত।
তেবে মোৰ শৰে শৰ কাটোক বাটত॥৫৬
আমাৰ কীৰিতি বৌক যুৰিয়া সংসাৰ।
এহি বুলি লৱে শৰ কৰিলা প্ৰহাৰ।
শত্ৰুঘ্নৰ শৰক বাটত পাই লাগ।
মাজতে কাটিলা তাক কৰি দুই ভাগ॥৫৭
তাৰ আধখান শৰ আসে দৰদৰি।
তাহাক লাগিয়া লৱে আছে লক্ষ্য কৰি॥
তাক লাগি লৱে প্ৰহাৰিলা দুই বাণ।
সিয়ো আধখানক কৰিলা খান খান॥৫৮
তাৰ আধখান শৰ উফৰিয়া গৈলা।
লৱৰ হাতৰ ধনু কাটিয়া পেলাইলা॥
ধনু কাটি হৃদয়ত পৰিলা সন্ধানে।
ফুৰি ফুৰি লৱ মূৰ্চ্ছা গৈলা সেহি থানে॥৫৫
বিষ্ণু অংশ হেতু তাৰ ৰৈলেক পৰাণ।
অচেতন ভৈলা যেন মৃতক সমান॥
কতদূৰে উফৰিয়া পৰিলা ভূমিত।
নাহিকে চেতন জ্ঞান ভৈলা বিমূৰ্চ্ছিত॥৬০