পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


কৰিলে নাৰী সমাজে লাভ কৰে গভীৰ জ্ঞান। বাস্তৱ সমাজত নিজক সুনাৰী হিচাপে প্ৰতিপন্ন কৰিব পৰা, সুগভীৰ জ্ঞানতত্ত্ব নাৰী সমাজৰ বাবে অতি গ্রহণযোগ্য। নাৰীৰ কমনীয়তা আৰু সাহসৰ প্ৰতীক বেউলা। এই সাহসৰ বলত বেউলাই অদম্য সাহসেৰে পাকবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন বিপৰ্য্যয়ৰ মাজেৰে বেউলাই স্বামীক জীৱিত কৰাৰ গভীৰ সংকল্প নাৰী সমাজৰ বাবে এটি আদৰ্শৰ সোণালী পথ।

 দক ভাটীয়ালি পদত দক্ অপৰিহাৰ্য্য অৰ্থাৎ সৰ্প দংশনত যেতিয়া বেউলাৰ স্বামী লক্ষিন্দাৰৰ মৃত্যু হয়, সেই মৃতকৰ প্ৰতীক হিচাবে দক কৰা হয়। দকৰ দুটা ভাগ—

১। সাধাৰণ দক
২। অর্ধচন্দ্ৰ দক
সমূহ দকতেই আতা বা চাউলৰ গুৰি ব্যৱহাৰ হয়।
দকৰ দ্ৰব্য সমূহ-
১। আতা বা চাউলৰ গুৰি
২। চাৰিযোৰ তামোল পাণ
৩। চাৰিটা পকা কল
৪। ২ মিটাৰ বগা কাপোৰ, ২ খন গামোচা
৫। ধূপ চাকী, চোৱৰ পইচা দকৰ মুখ্য দ্রব্য।

এই দকক বৰদক ও বোলে।

 যদিহে দেওধা বা দেওধনী থাকে, যদি দেওধা বা দেওধনী দকত

পৰে তেনেহ'লে ওপৰোক্ত দ্রব্যবোৰৰ কিছু সাল-সলনি হয়। দুই মিটাৰ

৩৮