পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


বগা কাপোৰৰ পৰিৱৰ্ত্তে আঠ মিঠাৰ বগা কাপোৰ, বিচনাৰ চাদৰ, আঠুৱা, গাৰু আদি প্ৰয়োজন হয়। আনহাতে দেওধা বা দেওধনী নাথাকিলে চোৱৰ, কিছুমানে বলিকটা দা আদি দকত ব্যৱহাৰ কৰা দেখা যায়।

দক পাচ প্ৰকাৰৰ
১। শিৱ দক
২। দুৰ্গা দক
৩। কৃষ্ণ দক
৪। চায়া দক
৫। বৰ দক

শিৱদক

 শিৱ বীৰ্যৰ পৰা পাতালত জন্ম হোৱা দেৱী পদ্মাৰ ৰূপত বিভোল হৈ স্বয়ং তেওঁ পিতৃ মহাদেৱে কমল বনত পদ্মাৰ ওচৰত প্ৰেম ভিক্ষা কৰিছিল। বাৰে বাৰে পদ্মাৱতীয়ে কৈছিল মই তোমাৰ কন্যা। শিৱে এই কথা মানি ল’ব বিচৰা নাছিল আৰু শেষত ধৰিবলৈ উদ্যত হোৱত দেৱী, পিতৃ মহাদেৱক বিষ চকুৰ দৃষ্টিৰে মাৰি পেলাইছিল। দেৱীৰ এই কাৰ্যত দেৱতা সকল ভীত হৈ দেৱতা সকলে দেৱী পদ্মাক স্তুতি কৰি মহাদেৱক জীয়াই দিবলৈ কাকুতি কৰাত দেৱী অমৃত চকুৰ দৃষ্টিৰে মহাদেৱক জীয়াই তুলিছিল৷ এইয়াই শিৱদক বা গোহায় দক। শিৱ বাচি উঠাৰ পিছত দেৱী পদ্মাক নিজ কন্যা বুলি জানি লাজ-অপমানত ম্ৰীয়মান হৈ কন্যাক লগত

লৈ কৈলাশৰ নিজ গৃহলৈ গৈছিল। কিন্তু দূৰ্গাদক শিৱৰ ভাৰ্য্যা চণ্ডিকা বা

৩৯