পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ


 ব্রাহ্মণ, পুৰোহিতে হোম, ভোগ প্রদান আদি শেষ কৰি উপবাসী গৃহস্থ সহ সকলোকে শান্তি প্ৰদান কৰাৰ পিছত প্ৰসাদ বিতৰণ কৰা হয় । তাৰ পিছত অতিথি সকলক ভোজন কৰোৱা হয়। এটা ডাঙৰ উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰে। সমাজ নহয় যেনিবা এইয়া এখন ঘৰ৷ প্ৰতিজন ভক্তৰ মুখায়বত পৰিস্ফুত হয় ভক্তিৰ ৰসজৰা। সময় তিনিমান বজাৰ সময়ত দুই চাৰিজনমান কৈ সমজুৱা আহিবলৈ ধৰে। এটা সময়ত পূজাৰ ৰভাৰ তলত হেজাৰোধিক দৰ্শক উপস্থিত হয়। এমুঠিমান খাই ওজা দলে সাজোন কাচোন কৰি ৰভা তলত উপস্থিত হয়। শৃঙ্খলাবদ্ধ ভাবে ঠিয় হৈ প্ৰথম ভূমি প্রণাম কৰি হঙ্কাৰ আৰম্ভ

ওমঁ তা না না...
এই হুঙ্কাৰ তিনি শাৰী বা ভাগৰ
বন্দনা
তাল

 ঠিয় বন্দনা তিনিতাল বা মালসি সুৰৰ বন্দনা উল্টা তাল বা পাচ তাল৷

 উল্টা বা পাচ তালৰ অৰ্থ তিনি তাল যেতিয়া ব্যৱহৃত হয় ওপৰৰ তালে তলৰ তালত আঘাট কৰে কিন্তু উল্টা তালত তলৰ তালপাতে ওপৰৰ তালত আঘাট কৰে।

 বন্দনা শেষ হোৱাৰ পিছত পদ আৰম্ভ হয়।

 দিহাব পিছত চাৰি বা ছয় ফাকি পদ দিয়াৰ পিছত মঙ্গলাচৰণ অৰ্থাৎ পদ

বাখ্যা কৰাৰ আগেয়ে দেৱ-দেৱীক স্মৰণ কৰাৰ পিছত উল্লেখিত পদৰ

২৩