পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

 দেৱীৰ পূজা ভাগৰ এক নিয়মানুৱৰ্ত্তীতা সময় সাপেক্ষেহে ওজাপালী আহাৰ গ্ৰহণ কৰে। অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত শিল্পীসকলে অৰ্ধাহাৰি হৈ থাকে। পেট পুৰাই তেওঁলোকে আহাৰ গ্ৰহণ কৰিলে নৃত্য কৰাৰ সময়ত দেহত কষ্ট অনুভৱ হয় । সেয়েহে এই সকল শিল্পী পেট পূৰ্ণ কৰি আহাৰ গ্ৰহণ নকৰে।

পূজা অনুষ্ঠানত শিল্পী আৰু সময় ঃ
  যদি এখন তিনিদিনীয়া মনসা পূজা হয় শিল্পী সকলে কেনে ধৰণে সময় অতিবাহিত কৰে।
 তিনিদিনীয়া পূজাখনত তিনি দিনক তিনি ভাগত বিভক্ত কৰা হয়।
  প্রথম দিন --- জাগনী
  দ্বিতীয় দিন --- ভড়
  তৃতীয় দিন --- বিসর্জন
  প্রথম দিনৰ কাৰ্য্যসূচী নিশা ছয়-সাত বজাৰ পৰা আৰম্ভ কৰা হয়। মণ্ডপৰ নিৰ্মাণ কৰ্ম সম্পাদন কৰি পৱিত্ৰ ভাবে (প্রতিমা থাকিলে প্ৰতিমা থাপনাত স্থাপন কৰি) ব্ৰাহ্মণ-পুৰোহিতে জাগনী (আবাহন) পূজা আৰম্ভ কৰে। মণ্ডপৰ সন্মুখ ভাগত ব্ৰাহ্মণৰ আসনৰ কিছু আতৰত ওজাপালীক আসন দিয়া হয়। আসনৰ ওচৰত এখন সৰু থাপনা, কলপাত, নৈবদ্য, ধূপ-চাকি, তামোল-পান, সাধাৰণ অৰ্থমূল্য দি ওজাপালীৰ সন্মুখত

দিয়াৰ পিছত ব্ৰাহ্মণে পূজা আৰম্ভ কৰা মুহূৰ্তত উৰুলী, শংখ, ঘণ্টা, ভোৰতাল, খোল আদি বাদ্য কৰি পূজা আৰম্ভ কৰা হয়। ব্ৰাহ্মণে আৰম্ভ কৰাৰ পিছত—

১৫