পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওজাপালীৰ প্ৰথম কৰণীয়:

 ১। এযোৰ তাল নৈবদ্যৰ পাতত দি হুঙ্কাৰ আৰম্ভ

 হুঙ্কাৰ— সঙ্কেত, সাৱধান

 ক) অৰ্থাৎ হুঙ্কাৰ প্ৰতিজন সমজুৱা বা তাত উপস্থিত থকা আটাইবোৰে হাই-উৰুমি বন্ধ কৰি অনুষ্ঠানৰ প্ৰতি মন ধাৱমান কৰিবলৈ কৰা সংকেত বা আহ্বান ৷

 খ) ওঁম তা না না ৰি তে না থে না
 চা ৰে গা মা পা ধা নি চা

স্বৰলিপিৰে মাত আৰু বাদ্যৰ সংগত কৰা ঐক্যবদ্ধ স্বৰধ্বনি

 গ) ওঁম শব্দেৰে নেদখা জনক স্মৰণ কৰি তা না না আদি আখৰৰ ধ্বনিৰে স্মৰণ কৰা হাৰশ্ব ভক্তি।

 ২। হুঙ্কাৰৰ পিছত এইবাৰ (সংযতভাবে) যি তাল হাতত লৈ দেৱ-দেৱীৰ আৱাহন সঙ্গীত বা বন্দনা আৰম্ভ কৰা হ’ব সেই (মঞ্জু) তালৰ + জৰিত থকা পটাব জন্ম কাহিনী গোৱা হয়৷

 ক) তালপাটাৰ জন্ম.

 তালপাটাৰ জন্ম শেষ হোৱাৰ পিছত ভক্তিভাৱে নৈবদ্যৰ পাটত থকা তালযোৰ আনি আটাই কেইজন (ওজাত বাহিৰে) শিল্পী তাল লৈ বন্দনাৰ বাবে প্ৰস্তুত হ'ব।

 বন্দনাৰ প্ৰথম স্তৰ-

 ১। গণেশ বন্দনা
 ২। শিৱ বন্দনা