পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ব্ৰহ্ম বৈৱৰ্ত্তেয় পুৰাণ, শিৱ পুৰাণ, কালিকা পুৰাণ আৰু ভাগৱত পুৰাণৰ কিছু অংশ এই ওজাপালী সকলৰ পৰিৱেশ্য। মূলত ওজাপালীক পদ্মপুৰাণ দল বুলিও কোৱা হয়। কাৰণ সাধাৰণতে পদ্মপুৰাণত ৰচিত বেউলা লখিন্দাৰৰ কাহিনী ওজাপালী সকলে বেছিকৈ গাই বাবে শুকন্নানী ওজা বোলে। পদ্মপুৰাণৰ ৰচক সুকবি নাৰায়ণী নকৈ চিধাকৈ শুকনান্নী কোৱা হয়। ‘পদ্মপুৰাণ’ শিৱ কন্যা পদ্মাৱতীৰ জন্মৰ পৰা তেওঁৰ অলৌকিক শক্তিৰ বহু কাহিনী সম্বলিত পদ্মপুৰাণ শিৱকন্যা দেৱী পদ্মাৰ আন নাম যেনে- মনসা, পদ্মাৱতী, জৰৎকাৰী, অস্তিক মাতা, নাগমাতা, বিষহৰি আদি নানা নামেৰে শিৱ দুহিতা পদ্মাক চিনাকি দিয়া হয়। দেৱী পদ্মাৰ জন্ম পাতালত হোৱা বাবে তেওঁক পাতালবাসিনী বুলিও কোৱা হয়। পদ্মাপুৰাণখন সাধাৰণতে দেৱতা আৰু মানৱৰ বিবাদ কাহিনী। অৰ্থাৎ দেৱী মনসা বা পদ্মাৱতী বৰ্ত্তমানৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত চম্পক নগৰ নামৰ ঠাইত। বণিক ৰজা চন্দ্ৰধৰ বা চান্দ সদাগৰৰ লগত বিবাদৰ কাহিনীয়ে পদ্মপুৰাণৰ মূল কাহিনী বুলি অভিহিত কৰিব পাৰি এই বৰ্ত্তমানৰ চান্দডুবি বিলেই চান্দ সদাগৰৰ ৰাজধানী আছিল বুলি প্ৰবাদ আছে। তাৰ আন এটা নিদৰ্শন মেৰ ঘৰৰ ভগ্নাৱশেষ চাণ্ডী মন্দিৰ ইত্যাদি। পদ্মপুৰাণৰ পাতনিত এই সম্পৰ্কে আন আন কিছু পণ্ডিতৰ মতদৰ্শন মতে বেউলা লক্ষিন্দৰৰ কাহিনী বেঙ্গলৰ বুলি ক'ব খোজে। এনেকি চান্দ সদাগৰৰ প্ৰিয় পত্নী সনেকাৰ নামেৰে তাত হেনো সোনাই দিঘি নামৰ এটা নদীও আছে। যিয়ে যি মত নিদিয়ক পদ্মপুৰাণৰ ৰচক পণ্ডিত সুকবি

নাৰায়ণ দেৱ অসমীয়া বুলি বহু পণ্ডিতে মত দাঙি ধৰে। আনহাতে দেৱ