পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৭৩] মাকৰ সংসাৰ সুখ যে মৰুভূমিৰ মৰীচিকাত পৰিণত হৈছিল, এইটো নিশ্চয়। তেওঁ কিছুদিন পেটৰ ভাতক পাহৰিলে। হিয়া ভুকুৱাই ২ কত কান্দিলে, কিন্তু তেওঁৰ সকলোবোৰ চাতকৰ নিস্ফল বিননিত হে পৰিণত হৈছিল। এই দখৰ ওপৰতে তেওঁৰ জীৱন সৰ্বস্বৰ এনে দুৰৱস্থা হৈ তেওঁৰ হিয়া কুসুমক একেবাৰে শুকাই পেলালে। চকুৰ পানী- য়েই সদায় তেওঁৰ জীৱনৰ একমাত্ৰ লগৰীয়া হল। ললিতৰ এই অন্তিম অৱস্থাত, যেতিয়া ঘৈণী- য়েকে চকুলো টুকি টুকি তেওঁ শোৱা পাটীৰ ওচৰতে বহি আছিল, এনে সময় হঠাৎ লীলা আৰু লাবণ্য পোটিৰে সৈতে সেই ঠাইতে উপ- স্থিত হ’লহি। ললিতে হেপাহ পলুৱাই লীলা লাব ণ্যৰ মুখ খনি চাই ললে আৰু খীণ, স্বৰেৰে মাত লগালে “আইটি! যি হওক শান্তিতে মৰিব দিলা। এই মৰণ মোৰ স্বৰগ সমান।” এই বুলি নিমাত হ’ল। সকলোৱে নিস্তব্ধ। অলপ পাছতেই গগণ ভেদি এটি কান্দোনৰ ৰোল উঠিল। সমাপ্ত