[১৬]
এনেতে আচম্বিতে এটি যুবা মূৰ্ত্তি তেওঁ চকুত পৰিল। যুবকক চকুৰ আগত পাই যুবতীৰ সৰল অন্তঃকৰণত লাজৰ সলনি আনন্দৰ অব্যক্তভাব বিৰিঙ্গি ওলাল। তেওঁৰ সৰল হৃদয়ত তিৰোতাৰ স্বভাৱ সুলভ ভয়ৰ সঞ্চাৰ নহৈ, নিৰ্ভীকতাৰ শীতল ছাঁ পৰাৰ লগতে, হৃদয়ৰ সৰোবৰত প্ৰেম পদুমৰ কলি ওলোৱা যেন দেখা গ'ল। উলাহতে কিবা এটি হিয়াৰ গুপুত বাসনা ব্যকত হোৱা যেন হ'ল, কিন্তু কিহে তেওঁৰ বিবেকক বাধা দিলে কব নোৱাৰোঁ, তেওঁ তেওঁৰ লাতুকৰ গুটি যেন ৰঙা ওঠজুৰি লাৰিব খুজিও নেলাৰিলে। যুবতীৰ মনৰ হেপাহ উদয়তে অস্ত হ’ল। কিবা এফেৰি কওঁ কওঁ বুলিও কব নোৱাৰিলে।
যুবতীৰ কাৰ্য্যাবলী দেখি যুবকৰে সৈতে যে তেওঁৰ পৰিচয় আছিল তক বুজিবৰ বাকী নেথাকিল।
যুবক সহৰিষে যুবতীৰ ওচৰ চাপিল আৰু এটি হেপাহৰ চাহনিৰে যুবতীৰ পিনে চাই মিচিকিয়াই হাঁহি, মউসনা মাতেৰে যুবতীক মাত লগালে, “লীলা! অকলে ইয়াত কৰিছা কি? পথৰ পথিকে বাট-