লাচিত।-(ৰাঙ্গলী তৰোৱাল জোকাৰি উত্ৰাৱল হৈ) ইস্ বুলিছাঁ?- মোৰ দেশতকৈ মোৰ মোমাই ডাঙৰ হব নোৱাৰে। এই ৰাতিৰ ভিতৰত গড় নোলালে ইয়াত কাকো জীয়াই নথওঁ আজি!
গন্ধৰ্ব্ব।-উঠ্ উঠ্, কাঁড়ীহঁত। চা, চা, মোমায়েককে কাটিলে! তহঁত কোন্ কূটা। উঠ্, উঠ্, উঠ্হঁক। কোৰ ল। পাৰ্চী ল। চাঙ্গী ল। (আটাইবিলাক উঠি আকৌ চতুৰ্গুণ উৎসাহেৰে গড়ৰ কামত ধৰেগৈ )
লাচিত।-গড়ৰ কাম বাকীছোৱাৰ ভাৰ গন্ধৰ্ব্বৰ ওপৰত পৰিল। ৰাতি নৌ পুৱাওঁতেই গড় ওলাব লাগিব। মই ঠিক সময়ত আকৌ ওলামহি। আকৌ যেন তৰোৱাল তেজেৰে ৰাঙলী হবলগীয়া নহয়।
গন্ধৰ্ব্ব।-ৰাতিৰ ভিতৰতে গড় নিশ্চয় উলিয়াম। চিন্তা নাই; আপুনি নিশ্চিন্তে অন্য চিন্তাত ধৰকগৈ।
লাচিত।-অন্য চিন্তালৈ আৰু সময় নাই। এই চিন্তাই ৰাতি নুপুৱায়- মানে;-গড় নোলায়মানে। তুমি যোৱাঁ, কাম আগুৱাই নিয়াঁ। মই পিচৰ পৰা পৰীক্ষা কৰি আহি থাকোঁ। (লাচিত উভতি গড়ৰ গুৰিছোৱা চাবলৈ
যায়; গন্ধৰ্ব্বই ধুমাধুমিকৈ কাম কৰায়)
(লাচিতৰ প্ৰস্থান)
গন্ধৰ্ব্ব।-লাগ, ৰাইজহঁত, প্ৰাণটাকি লাগি যাহঁত। আমাৰ দেশ অসমে আজি প্ৰতি অসমীয়াৰপৰা কাম বিচাৰিছে। (ধুমাধুমিকৈ গড়ৰ কাম চলে)
লাচিত।-(পুৱতীনিশা পুনঃ প্ৰৱেশ) কি, গন্ধৰ্ব্ব! গড় ওলাল নে?
গন্ধৰ্ব্ব।-(হৰ্ষচিত্তেৰে) ওলাল, ডাঙৰীয়া! এই মাত্ৰ উলিয়াই উঠিছোঁ।
লাচিত।-(গন্ধৰ্ব্বক সাবটি ধৰি) ধন্য তুমি! ধন্য তোমাৰ কৰ্ত্তব্য- জ্ঞান! তুমি আজি মোৰ প্ৰাণৰ উদ্দেশ্য সিদ্ধি কৰিলাঁ। কি দিম তোমাক? যথাসময়ত ইয়াৰ বাবে যথাযোগ্য বঁটা পাবা। নিশ্চিন্ত হলো মই। (তৰোৱাল জোকাৰি) আহক মোগল; চাপি আহক। ইয়াতে যৱনক সমুলঞ্চে নিপাত কৰি মোৰ “মোমাই-কটা-গড় তৰ্পণ” কৰিম।
(সফলোৰে প্ৰস্থান)
⸻000⸻