পৃষ্ঠা:লাচিত বৰফুকন.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৬
লাচিত বৰফুকন।

বুলিবহি এতিয়া। তেওঁ শেহ-ৰাতি গড় চাবলৈ আহিবৰ কথা আছে। আহিলে কি কম তেওঁক! (টলকা মাৰি ৰয়) অ, সৌৱা, ওলালেহিয়েই!-

(চঁকখাই উঠে।)

(লাচিত আৰু গন্ধৰ্ব্বৰ প্ৰৱেশ)

 লাচিত।-ক, মোমাইদেউ, গড় ওলাল নে? মানুহবিলাক দেখোন। শুই পৰিছে! তুমি বহি চাই আছাঁ!

 মোমাই।-এ, কিনো কম বোপা-ডাঙৰীয়া? উশাহশুদ্ধি নোহাৱাকৈ কাম কৰি কৰি মানুহ হাইৰাণ হল; জুমে-জুমে অৱশ হৈ ঢলি ঢলি পৰিছে।

 লাচিত।-পিচে? ৰাতিপুৱাবলৈ তো আৰু বেচি পলম নাই?

 মোমাই।-এৰা, বেচি পলম নাই। সেই দেখি হে গুণি-ভাবি বিমোৰ হৈছোঁ।

 লাচিত।-এতিয়াও গুণিবৰ পৰ আছে নে? ই গণনাৰ ফল নহয়, কাৰ্য্যৰ হে ফল। সেই ফলৰ ওপৰতে আজি মোৰ দেশৰ গৌৰৱ!

 মোমাই।—বুজিছোঁ ময়োঁ। বুজি হে প্ৰাণটাঁকি লাগিছোঁ। শক্তিয়ে আটিছেমানে খাটিছোঁ; দেখোঁ কি হয়।

 লাচিত।—দেখিবা কি? ৰাতিৰ ভিতৰতে গড় উলিয়াই দেখুৱাবই লাগিব, নহলে, ৰক্ষা নাই!

 মোমাই।-দেখুৱাব পাৰিলে তো ভাগ্যৰ কথা। পিচে, মনৰ সমান কামে বেগাব পাৰিলে হে হয়। কালি দুপৰৰপৰা ক্ষন্তেক বিৰতি নোলোৱাকৈ খাটিছোঁ। খাটি খাটি গড়ৰ তিনি ভাগ উলিয়াইছোঁ ইমান পৰে। এতিয়াও এভাগ বাকী। ৰাতিপুৱাবলৈ আছেগৈ মাথোন আৰু এপৰ। কি কৰোঁ, বিবুদ্ধি!

 লাচিত।—কি! গড় ওলাবলৈ এতিয়াও তিনিভাগৰ এভাগ বাকী। ' (ততালিকে খাপৰপৰা তৰোৱাল উলিয়াই একেঘাপে মোমায়েকক দোছো কৰে?

 কাঁড়ীবিলাক।-(মূৰ দাঙ্গি চাই বিস্ময় মানি লৰালৰিকৈ উঠে)

 গন্ধৰ্ব্ব।-ইস! ইস! ইস্! (তধা লাগি ৰয় )