মাধৱ।-বাৰু, দেখুৱাওঁ; তাৰ আগেয়ে শুনাঁঃ— তুমি বাৰু ৰণৰ ক্ষণ গণনা কৰ দলত আছাঁ নে নাই? এইটো কাৰ বাব?—দৈৱজ্ঞৰ নে গণকৰ?
নৰ্ত্তম।-ওঁ, আছোঁ; ময়ে গণোঁ। এইটো গণকৰ বাব।
মাধৱ।—পিচে, সেয়ে ধন। সেয়ে মোনা-ভৰা ধন দিব পাৰে।
নৰ্ত্তম।- কেনেকৈ, কেনেকৈ? কোৱাচোঁ, কোৱাঁ।
মাধৱ।-তুমি ৰণৰ ক্ষণটো সময়ত পলমাই ধৰিব নোৱাৰিবাঁ নে?
নৰ্ত্তম।-পাৰিম। কিয় নোৱাৰিম। কি বৰ টান কথাটো।
মাধৱ।-বাৰু তেন্তে। যাওঁ বলাঁ এতিয়া। সেই কাৰ্য্যই তোমাক কোঁচ-ভৰাই ধন দিব। মই কলোঁ, মনত ৰাখিবাঁ। আহাঁ, আঁতৰি নিজানত বহোঁগৈ; এই বিষয়ে আৰু বহুত কথা কবলৈ আছে। (স্বগতঃ) হুঁঃ এইবাৰ বহালোঁ! বুঢ়াৰ হাতত চেঙ্গেলী! মোৰ প্ৰভূৰ বন হে হয়?
(দুইৰো প্ৰস্থান)
⸻000⸻
চতুৰ্থ গৰ্ভাঙ্ক।
গুৱাহাটী আৰু আগীয়াঠুঁটিৰ মাজবাট, —মোমাইকটা গড়।
সময়,—শেহ-নিশা।
(কাঁড়ী-পাইকবিলাকে উশাহশুদ্ধি নোহোৱাকৈ খাটিও গড় উলিয়াব
নোৱাৰি লাৱেজান হৈ পৰি গৈছে; বৰফুকনৰ মোবাইদেৱাক
চিন্তাযুত হৈ মূৰে-কপালে হাত দি বহি আছে!)
মোমাই।-এতিয়াও গড়ৰ কাম তিনিভাগৰ এভাগ বাকী। মানুহ একেৰাহে খাটি হাইৰাণ হল; অৱশ হৈ পৰি গৈছে। এতিয়া গড় উলিয়াওঁ কেনেকৈ? কি কৰোঁ! কি উপায় হব! এই মানুহৰে সৈতে আজি ৰাতি নৌ পুৱাওঁতে হে নালাগে, কাইলৈ দিনটো খাটিও গড় উলিয়াব পৰাটো টান দেখিছোঁ। পিচে, কি হব এতিয়া? ভাগিন বৰফুকনে কি