কথা তই আৰু সখীয়ে জানিব মাথোঁ, আন কেৱে মই উলটি নাহোঁমানে ইয়াৰ
সম্ভেদ পাব নালাগে। মই যোৱাৰ পাচত মোক বুলি সখীক দেশ ফুৰাবলৈ
যুৱৰাজে পাল্কী আৰু মানুহ পঠিয়াব। সৰ্থীয়ে ঠিক মোৰ সাজেৰে সাজি
ওলাই যাব। তয়ো যাবি। তই কেতিয়াও লগ নেৰিবি। কিছুমান দিনৰ
পাচত তহঁতক ওলোটাই আনি এই ঘৰতে থবহি। তহঁতে তাৰ পাচতো
ঠিক এতিয়া তয়ে-ময়ে থকাদি থাকিবিহঁক। মানুহৰ লগত বেচিকৈ কথা
বাৰ্ত্তা নহবিহঁক। বিশেষ, আমিনা আহিলে বৰ সাৱধানে চলিবিহঁক, যাতে
তায়ো সখীক মই বুলিয়েই জানি থাকে। তাৰ পাচতো যি হয় হৈ গৈ থাকিব,
তহঁতে কিন্তু কেতিয়াও এই সম্ভেদ নাভাঙ্গিবি; ভাঙ্গিলে তহঁতৰো মৰণ,
মোৰো বিপদ!—যা এতিয়া। ময়ো অলপ ওলাই ইফাল-সিফাল কৰোঁগৈ।
আঘনী।— (হুমুনিয়াহ পেলাই) ভাল, আইদেউ!
(দুইৰো দুফালে প্ৰস্থান)
তৃতীয় গৰ্ভাঙ্ক।
⸻
গুৱাহাটী,—বৰফুকনৰ বাহৰ।
( মাধৱচৰণ আৰু চন্দ্ৰনাৰায়ণ )
মাধৱ।—অ, বোলোঁ, আমাৰ ৰাজকুমাৰে ৰণৰ অন্ত পেলাই হে উলটিব। নে, কেতিয়াকৈ উলটিব?
চন্দ্ৰ।—এ জানো দেও হে, কি কৰোঁ কব পৰা নাই এথোন। মিছাতে খৰলি খাই মৰিছোঁহি নে কি জানো!
মাধৱ।—কিয়? মন দেখোঁ অলপ বিচাতন দেখিছোঁ? কিয় বা?