পৃষ্ঠা:লাচিত বৰফুকন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৫
লাচিত বৰফুকন।

গীত।

ৰাগ⸺গৌৰী।

ভালি নাচে মদন গোপাল,
বজায় মোহন বেণু গলে বনমাল॥
অৰুণ চৰণ দুহোঁ থমকে চলায়,
ঈষত ঈষত হাঁসি পঞ্চমত গায়।
শ্যামল সুন্দৰ চান্দ বয়ান বিকাশ,
বহয় মলয় মৃদু পদৰজ আশ॥

 ৰমণী।—বেচ, বেচ আমিনা! গানটি অতি মধুৰ লাগিছিল।

 আমিনা।—ভাল, এতিয়া যাওঁ হে। তছ্লিম (চেলাম দিয়ে)।

 ৰমণী।—বাৰু, যোৱাঁ। তোমাৰপৰা হে মোৰ যি এফেৰা সন্তোষ?

(আমিনাৰ প্ৰস্থান; ৰমণী চিন্তাযুক্ত।)

 ৰমণী।— (স্বগতঃ) জানো, কি হয়গৈ, ঈশ্বৰে হে জানে। এই ছেগতে ইয়াৰপৰা ওলাই ঘৰমুৱা হব পাৰিলেই ৰক্ষা।

(আঘনীৰ প্ৰৱেশ)।

 ৰমণী।—অ, বাই, আহিছ? ভালেই হল।

 আঘনী।— কি নো? কিয়নো ভাল হল আইদেউ?

 ৰমণী।—উলটি নুসুধিবি বাই! শুনি যা, কৈ যাওঁ।

 আঘনী।—বাৰু বাৰু। কৈ যাওক, শুনি যাওঁ।

 ৰমণী।— জানিছ বাই, আজি ৰাতি তোৰ লগতে ৰজনী সখীকো লৈ আহিবি। তেওঁক মোৰ সাজ-পাৰ পিন্ধাই চাব লাগিছে।

 আঘনী।—কি নো? আইদেৱে নিজকে দাপোনত যেনেটি দেখে তেনেটিয়েই হব দেখোঁ। তাকে নো আকৌ সখীয়েকক সাজ-পাৰ পিন্ধাই চাব লাগিছে কেলৈ? মানুহে দুইকো একে সাঁচতে উঠা বুলি হে কয়।

 ৰমনী।—উলটি নধৰিবি বুলিছোঁ নহয়। শুনি গৈ থাক। মই পৰহিলৈ ইয়াৰপৰা এফালে যাম। মোৰ সলনি ৰজনী সখীকে মই বুলি থৈ যাম। এই