২। অঙ্ক।
⸺*⸺
প্ৰথম গৰ্ভাঙ্ক।
⸺*⸺
কাঁজলীমুখ,—চৈয়দ চানা আৰু চৈয়দ ফিৰুজ।
ফিৰুজ।—দেখিলাঁ অসমীয়াৰ ফন্দ্! তলে তলে কেতিয়াবাৰেপৰা আয়োজন কৰি থাকি, ৰণ ঘোষণা কৰাৰ লগে লগে অসমীয়া ফৌজে আমাৰ কোঁঠ আক্ৰমণ কৰিলেহি। আমি বিবুদ্ধি হৈ অগত্যা শত্ৰুক বাঁহবাৰী কোঁঠ এৰি দিবলৈ বাধ্য হলোঁ। নহলে, সিহঁতে আমাক হটাব পাৰে নে?
চানা।—নকবাঁ তেনে কথা। এইবাৰ অসমীয়া ফৌজৰ ৰকম বেলেগ। নেদেখিলাঁ বৰসেনাপতি জনৰ তেজ! এওঁৱেই সেই লাচিত বৰুৱা; এতিয়া বৰফুকন হৈ আহিছে। এওঁৰ বিক্ৰম সহিব নোৱাৰি গড়গাওঁ নগৰ আক্ৰমণত,আমাৰ মহাপৰাক্ৰমী মিৰজুম্লা সেনাপতি অস্থিৰ হৈ পৰিছিল। এওঁ তাচ্ছিল্যৰ পাত্ৰ নহয়, এওঁৰে সৈতে লৰিবলৈ আমি বিশেষকৈ সাজু হব লগাত পৰিছোঁ। বাঁহবাৰীৰ কোঁঠ অধিকাৰ কৰি শত্ৰুৱে এতিয়া কাঁজলীমুখ কোঁঠলৈ চোঁচা লৈছে; আহাঁ, তাৰ ৰক্ষাৰ্থে সাজু হওঁগৈ; মুখৰ কথাত কাৰ্য্য সিদ্ধি নহয়।
ফিৰুজ।—যাওঁ, বাৰু বলাঁ। কিন্তু দেখিবাঁ, এইবাৰ অসমীয়াক ভালকৈ চিনাকি দিম।
(দুইৰো বেগেৰে প্ৰস্থান)
(লাচিত, ৰাজখোৱা আৰু পানীফুকনৰ প্ৰৱেশ)।
পানীফুকন।—ধন্য, লাচিত বৰফুকন! ধন্য তোমাৰ বীৰবাণী! ধন্য তোমাৰ উদগনি! তোমাৰ বীৰোচ্ছ্বাসত আজি মোৰ প্ৰতি সিৰে ৰণ-তেজ উতলি উঠিছে। অবাৰিত ৰণ-লীপ্সা মোৰ প্ৰাণত চতুৰ্গুণ বাঢ়িবলৈ ধৰিছে। শত্ৰুৰ তেজেৰে আজি এই তৰোৱাল ৰাঙলী কৰি হে তৃপ্তি পলুৱাম।