পৃষ্ঠা:লাচিত বৰফুকন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৩
লাচিত বৰফুকন।

 ৰাজখোৱা।—ধন্য লাচিত বৰফুকনৰ ৰণকৌশল! তেওঁৰ দিহা মতে নচলা হলে, বাঁহবাৰী কোঁঠ ইমান সহজে আমাৰ হস্তগত হোৱাৰ আশা নাছিল। আৰু বৰফুকনৰ বিক্ৰম দেখি মোগল সেনাপতি বিচুৰ্ত্তি হল।

 লাচিত।—শলাগৰ পাত্ৰ মই নহয়, তোমালোক হে। দিহা দিয়াতকৈ দিহা পালন কৰাৰ ওপৰত হে ৰণৰ ফলাফলে ঘাইকৈ নিৰ্ভৰ কৰে। বৰঞ্চ, দিহা মতে কাৰ্য্য হৈ নুঠিলে, হিতে-বিপৰীত হে ঘটে। গতিকে, বাঁহবাৰীৰ ৰণত আমাৰ জয় হোৱা বাবে মোৰ সহায়কাৰী সেনাপতি তোমালোক হে ধন্যবাদৰ পাত্ৰ। কিন্তু, এই খিনিতে অলপ সঙ্কেত্‌ দিয়াৰ আৱশ্যক, জয় লাভে বিজয়ী দলক উৎসাহিত হে কৰিব লাগে, উধত কৰিব নালাগে। আনন্দত অতিকৈ উৎফুল্ল হলে কৰ্ত্তব্যত বিঘ্ন ঘটে। যি হওক, এতিয়া ৰণৰ আৰম্ভণ মাথোন, আমাৰ সাধিব লগীয়া ভালেমান গুৰুতৰ কাৰ্য্য আগলৈ আছে। আমাৰ উপস্থিত কৰ্ত্তব্য হৈছে, ততালিকে গৈ কাঁজলীমুখৰ কোঁঠ অৱৰোধ কৰা। তাৰ নিমিত্তে আমি ভালকৈ সাজু হব লাগে। কিয়নো বাঁহবাৰীত শত্ৰুৱে আমাৰ হাতত যি শিক্ষা পালে, সি এই যাত্ৰাত সিহঁতক আগতকৈ শকত কৰিবৰ সম্ভৱ। কিন্তু নিশ্চয় জানিবাঁ, যিমানেই শকত হওক, শত্ৰু আমাতকৈ বলী হব নোৱাৰে; দেৱৰাজ ইন্দ্ৰৰ বংশধৰ পৃথিবীত আন কোনো পালি দেৱতাৰ বংশধৰতকৈ কদাপি হীনতৰ হব নোৱাৰে, এই কথা ধুৰুপকৈ মনত ৰাখিবাহঁক; আৰু মনত ৰাখিবাঁ স্বৰ্গদেৱৰ জ্বলন্ত আদেশ। স্বৰ্গদেৱে আমাক আমাৰ হেৰোৱা ৰাজ্য উদ্ধাৰ কৰিবলৈ পঠিয়াইছে। আমাৰ সাহ-পিত্, ৰণ-কৌশল আৰু আত্মোৎসৰ্গৰ ওপৰতে আমাৰ পতনমুখী ৰাজ্যৰ পুনৰুদ্ধাৰে সম্পূৰ্ণে নিৰ্ভৰ কৰিছে। ওপৰত আমাৰ ঈশ্বৰ, আগত আমাৰ ৰজা, বুকুত আমাৰ স্বদেশ; এই তিনি লক্ষ্য ৰাখি আমি সম্মুখ-সংগ্ৰামত আগ বাঢ়ি জয় লাভ কৰি পুৰুষৰ চিনাকি দিবলৈ আহিছোঁ; আমি ৰণত পিঠি দেখুৱাই কাপুৰুষৰ নাম পাবলৈ অহা নাই। আহাঁহঁক, আগ বাঢ়োঁ, আমাৰ জয় অনিবাৰ্য্য।