সমললৈ যাওক

পৃষ্ঠা:লাচিত বৰফুকন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪৭
লাচিত বৰফুকন।

কান্দোঁ মনে মনে,  মাতোঁ ঘনে ঘনে,
 ঘুৰি লগ ধৰোঁ কেনে কৰি;—
নেদেখি এতিয়া,  ফাটে মোৰ হিয়া,
 থাকোঁ কিনো মতে প্ৰাণ ধৰি ॥ — (নিটাল মাৰি ৰয়।)

 ৰমণী।—কাৰ দেশ? কাৰ ঘৰ? কত মই?—যি দেশত মোৰ জন্ম, সেই দেশ ই নহয়। যি ঘৰত মই পালিত, সেই ঘৰ ই নহয়। য’ত জগতৰ সৌন্দৰ্য্য একে ঠাইতে দেখোঁ, সেই ঠাই ই নহয়। ই বুকৰ স্বদেশ নহয়, নিলগৰ পৰদেশ। এইখন সেই মোৰ আপোন ঘৰ নহয়, লোকৰ পৰ-ঘৰ। ইয়াত অসমৰ অতুলন শোভা নাই, চউপাশে চকুত আমনি লগোৱা দৃশ্য হে! যাকে দেখোঁ তাৰে ওপৰত খং উঠি আহে, কাকো দেখিবৰ মন নাযায়,কাৰো মাত শুনিবৰ মন নাহে! অকণমান মাথোঁ ভাল পাওঁ আমিনাজনীক,তাইৰ গান শুনিবলৈ। এনে অৱস্থাত আকৌ বিৰিহঁতে মোক বুজাব-বৰাবলৈ আহে! আজি মই বাজীকৰৰ সজাত বাঘিনী বুলি সিহঁতে নাজানে? জনা হলে, এই ঘৃণনীয় মোগল ৰাজপৰিয়ালটোৰ তিৰোতাবিলাক এজনী-এজনীকৈ মোৰ ওচৰত চুঁচুৰিবলৈ নিতৌনাহিলহেঁতেন। জনা হলে, সিহঁতে মিঠা মুখেৰে,নম্ৰ ভাৱে, বিবিধ প্ৰলোভন দেখুৱাই মোৰ মন পাবলৈ যত্ন নকৰিলেহেঁতেন। সিহঁতে নাজানে, জন্মভূমিৰ বিৰহত মোৰ প্ৰাণ কেনেকৈ কান্দিছে ;সিঁহতৰ অনুভৱ কৰিবৰ শক্তি হোৱা নাই, স্বজাতিৰ চিন্তাই মোৰ অন্তৰত কেনে ভাৱে অগ্নি জ্বলাইছে; সিহঁতৰ ধাৰণা হোৱা নাই, মোৰ দেশদ্ৰোহী জাতি-বৈৰীৰ প্ৰতি মোৰ হিয়াত জাতক্ৰোধ কেনে ভীষণ ভাৱে উধাইছে;নহলে, নীচ, নিলাজ, নিৰ্ব্বোধহঁতে নিতৌ একেটা কথাৰে আহি মোৰ ককৰ্থনা নুশুনিলেহেঁতেন। নীচাশয়হঁতে জনো ভাবিছে যে, সিহঁতৰ কপট আৰু অসাৰ প্ৰলোভনে মোক টলাব পাৰিব,--সেই কাপুৰুষ পাটচাহ-পুত্ৰক মোৰ পৱিত্ৰ দেহা উছৰ্গিবলৈ মোৰ প্ৰবৃত্তি হব! কিন্তু পাষণ্ডহঁতে জনা নাই, এই হিয়াৰ সহনী}} কিমান, এই মনৰ বান্ধনী কেনে; এই প্ৰাণ থাকে মানে এই দেহা স্বৰ্পিত