দুখীয়া।—ভাল ধৰিছ কথাটো তই। মছুলমানে আগেয়েই পাৰেমানে লগত এসোপা চুঁচি নিলে; এতিয়া, বছৰি দি থাকিবলৈ নো দেশখনত বাৰু কৰপৰা ওলাই থাকিব? সেই হে দশ আকালে উছন নিয়াবলৈ ধৰিছে।
মগনীয়া।—“এৰা, এৰা, উছন নগৈ কৰিবি কি? একঠা চাউলত টকাটো দিবলৈ কৰ পাবি! টেটুত লৰা-ছোৱালী এথোপা নথকা হলে দেশ ছাৰি বিদেশলৈ হে গুচি গলোগৈহেঁতেন।
ৰুগীয়া।—এ, নকবি সেই কথা। কপালত থকাটো কেনেকৈ গুচাবি? চাপৰিলে মেঘ নেৰায় মোৰ সোণাই! যেই হওক, এতিয়াৰ জনা স্বৰ্গদেউৰ দিনত বতৰ এফেৰি মুকলি হব যেন মনত ধৰিছে।
দুখীয়া।—এঃ, থ, কেনেকৈ জানিছ তই?
ৰুগীয়া।— নহয়, নহয়, সঁচাকৈয়ে এওঁ স্বৰ্গদেৱে প্ৰজাৰ দুখলৈ চাইছে হেনো।
মগনীয়া।—এঃ, থৈ দে। বোলে মোমাই মৰক, ভুতক পাচে পাওক।খাবলৈ নাপাই মৰোঁৱেই, আকৌ দুখ গুচিব কেতিয়াকৈ? যাওঁ, মোৰ ককাইহঁত, চুঁচৰি-বাগৰি ঘৰচেৰেকত মাগি চাওঁগৈ। (প্ৰস্থান)
দুখীয়া।—এৰা, যাবহে লাগে আমিও। (প্ৰস্থান)।
ৰুগীয়া।—ব’ল, মোৰ সোণাইহঁত, গৈছোঁ ময়ো পৰিধৰি! উঃ উঃ উঃ,ধাতু যায়েই নে কি ঐ!
( বিপৰীত বাটে উলটিবলৈ ৰুগীয়া কেইখোজমান আগ বাঢ়ে;
আৰু ছদ্মবেশী চক্ৰধ্বজে ধীৰে ধীৰে প্ৰৱেশ কৰে।)
ৰুগীয়া।— (স্বগতঃ ) এওঁ বা কোন্! যেয়ে হওক, মানুহ জন টনকিয়াল দেখিছোঁ। এওঁৰপৰা পাই-পইচা এটি পাবৰ আগন্তুক আছে। (ফুটাই) দৌতা ঈশ্বৰ, এই ৰুগীয়া মগনীয়াক এফেৰি কিৰপা কৰক। তিনি সঁজীয়া লঘোনত মৰোঁ এতিয়া, দৌতা!
চক্ৰধ্বজ।—এঃ, এঃ, দেহি! বাৰু হোঁ, ল। (টকা এটা দিয়ে)