পৃষ্ঠা:লাচিত বৰফুকন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪৪
লাচিত বৰফুকন।

 দুখীয়া।—কণা বিধতাই এইখন কপালত নো কি লেখিলে কব নোৱাৰো, মোৰ আৰু দুখেই নুগুচিল। গাত কাপোৰ নাই, পেটত ভাত নাই, হাতত বিত্ নাই;—জীৱন ধৰোঁ কেনেকৈ? তাতে অকল এটা পেটলৈ নহয়, আৰু চাইটালৈ আঁজুৰিব লাগে! অস্, অস্, অস্, ইয়ালৈকে চৰ্জিলা মোক ঈশ্বৰ!

(এটা মগনীয়াৰ প্ৰৱেশ)

 মগনীয়া।—হে মোৰ দৌতাহঁত কি আছে খুদ-কণ এটা দে হঁতঐ! আজি তিন দিন কণ এটা পেটলৈ যোৱা নাই। জীৱ যায় এতিয়া! গুণ নহয় যদি, ধৰম হব, মোৰ ঈশ্বৰহঁত!

 দুখীয়া।—ভাল তয়ো বোপাই। তই নো আমাৰ গাত দেখিছ কি, আছে কি দিবলৈ? তই ছ-সঁজীয়া, ময়ো চাৰি সঁজীয়া লঘোনীয়া; কাক কোনে পুতৌ কৰে এতিয়া!

 ৰুগীয়া।—মোৰ ফাললৈ চকু নিদিলেই ভাল, মোৰ সোণাই! কি দিম,কি আছে, হাড়-ছাল সাৰ! থকাৰ ভিতৰত ৰোগৰ বাহটো।

 মগনীয়া।—এৰা, দেখিছোঁ মোৰ লগৰীহঁত; পিচে, কিনো কৈছোঁ, কিনো কৰিছোঁ কব নোৱাৰোঁ। পেটৰ পোৰণিত গা আচন্দ্ৰাই কৰিছে। নমৰোঁও, নিজীওঁও, উপায়-বুধি নাই!

 ৰুগীয়া।--সঁচা, মোৰ সোণাই, আমাক দেখিলে যমো পলায়? যমৰ নগৰতো আমালৈ ঠাই নাই হবলা? পৰ্ভু, ইয়াল’কে চৰ্জিলা আমাক!

 দুখীয়া।-- ভাল কৈছ। যমৰ নগৰতো ৰজা-বিষয়াক হে বিচাৰে। সিদিনা সেয়া আমাৰ "ভগনীয়া" সৰ্কদেউক নিলেহি, নেদেখিলি?

 মগনীয়।--এ, নকবি আৰু তেওঁৰ কথা মোৰ ককাই! তেৱেই তো জীয়াতে-মৰা কৰি থৈ গল প্ৰজাক। সেইজনা ৰজা পাটত উঠিবৰ দিন ধৰি আজ ৰাইজৰ চিৰি মৰি আহিবলৈ ধৰিলে। তাৰ উপৰি, মছলমানক ধন-সোণ, বয়-বস্তুৰে সৈতে বলে নোৱাৰাকৈ চই শোধাবলৈ গাত লৈ প্ৰজাক জীয়াই জীয়াই যমৰ আলহী কৰি থৈ গৈছে।