একেবাৰে সমুখ সমৰৰ মাজতো গা দেখাদি নুফুৰাকৈ থকা নাছিল। বিয়াল্লিছৰ অক্টোবৰ মাহত গান্ধীসপ্তাহৰ কাৰ্য্যসূচী লৈ তেওঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছিল। তেওঁৰ সৈতে মটৰত আছিল অমলপ্ৰভা আৰু এগৰাকী গুৱাহাটীৰ বৃদ্ধা মহিলা। যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱাৰ বাটত তেওঁ হঠাতে গৈ টিয়ক থানাৰ আগত এক বিৰাট মুনিহ তিৰোতাৰ সমদলৰ ওপৰত বেয়নেট্ আৰু লাঠী চাৰ্জ্জ কৰি থকা অৱস্থাত পালেগৈ। সেইদিনা টিয়ক কেন্দ্ৰৰ প্ৰায় দুই তিনি হেজাৰ জনতা আহিছিল, টিয়ক থানাত পতাকা উৰুৱাবলৈ। থানাৰ আগ পোৱাত প্ৰায় দুকুৰিমান আমৰ্ড পুলিছে সেই জনতাৰ ওপৰত বেয়নেট্ আৰু লাঠী চলাই ছত্ৰভঙ্গ কৰিবলৈ চেষ্টা কৰি থাকোতেই, কোবেৰে জ্যোতিপ্ৰসাদৰ মটৰ গৈ সেই পুলিছ আৰু জনতাৰ হুহিমুহিৰ মাজত সোমাই যায়হি। ভয় খাই ড্ৰাইভাৰে মটৰ ব্ৰেক কৰি ৰখাই দিয়ে আগত গোটেই বাট জুৰি পুলিছৰ লাঠী চাৰ্জ্জ আৰু বেয়নেট্ চাৰ্জ্জৰ তাণ্ডৱ লীলা। বলিয়া হৈ পুলিছ ফৌজে এফালৰ পৰা মুনিহ তিৰোতক নিৰ্ব্বিকাৰে খুচি মাৰি টঙনিয়াই যাব লাগিছে। মটৰ ৰখোৱা দেখি ওচৰত বন্দুক লৈ থকা হাবিলদাৰ আৰু কেটামান চিপাহী ওচৰ চাপি আহিল। তেতিয়া জ্যোতিপ্ৰসাদে ড্ৰাইভাৰক লাঠী চাৰ্জ্জৰ মাজলৈ মটৰ সুমাই নিবলৈ কলে। ড্ৰাইভাৰ ভয়ত পেপুৱা৷ জ্যোতিপ্ৰসাদে উগ্ৰমূৰ্ত্তি ধৰি হুকুম দি কিলাকুটিৰে ড্ৰাইভাৰক খুন্দিয়াই কলে—একো পৰোৱা নাই—চলা মটৰ। ড্ৰাইভাৰে থৰক বৰক কৰি মটৰ চলালে। ‘জোৰেৰে চলা’ বুলি জ্যোতিপ্ৰসাদৰ ধম্কিত সি—ভীষণ ভাৱে হৰ্ণ দি মটৰ—একেবাৰে চাৰ্জ্জৰ মাজত সুমাই দিলে। পুলিছবোৰেও এনেকৈ সিহঁতৰ মাজেদি অভাৱনীয়ভাবে মটৰ সোমাই অহাত আচৰিত হৈ ৰওঁতেই জ্যোতিপ্ৰসাদৰ মটৰ পুলিছৰ বেহু ভেদ কৰি ছেদেলিভেদেলি হৈ যোৱা জনতা পাৰ হৈ গুচি গল। পুলিছ চাৰ্জ্জৰ পৰা প্ৰায় পোৱা মাইল দূৰত গৈ মটৰ ৰখাই ভাগি যোৱা জনতাক মাতি গোটাই, ‘ভয়
পৃষ্ঠা:লভিতা.pdf/১২১
অৱয়ব