পৃষ্ঠা:লভিতা.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
 

 নৰিয়া পাটিত পৰি থকা হেম বৰুৱাই জ্যোতিপ্ৰসাদক সোঁহাতৰূপে পাই বিছনাৰ পৰা উঠি বহিল। জ্যোতিপ্ৰসাদক সদৌ অসম শান্তি সেনাবাহিনী প্ৰধান অধিনায়ক পাতি ললে। আগৰ প্ৰধান অধিনায়ক ৰাজেন্দ্ৰ বৰুৱা আগতেই গ্ৰেপ্তাৰ হৈ যায়। হেম বৰুৱাৰ ইঙ্গিতমতে জ্যোতিপ্ৰসাদে অসমৰ এমূৰৰ পৰা আন মূৰলৈ গৈ আন্দোলনৰ কাম কৰিবলৈ ধৰিলে। ধুবুড়ী, গোৱালপাৰা, কামৰূপ, নগাও, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰৰ শান্তিসেনা আৰু মৃত্যুবাহিনীৰ কেন্দ্ৰবোৰত জ্যোতিপ্ৰসাদে উৎসাহ উদ্দীপনা দি ফুৰিবলৈ ধৰিলে। তেওঁক ধৰিবলৈ, পুলিছ চি আই ডিয়ে তেওঁৰ পাছ ললে। প্ৰায় পাঁচ মাহ–গাঁৱে ভূঁঞে, হাবিয়ে জঙ্গলে, কেতিয়াবা কোনোবা গাঁৱত-কেতিয়াবা নেপালী খুটিত, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিত, এইদৰে পৰ্ব্বতে-পাষণ্ডে ঘূৰি বিপ্লৱক আগবঢ়াই ১৯৪২ চনৰ জানুৱাৰী মাহত কলিকতালৈ যায়। কলিকতাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু অসমত আন্দোলন চলাবলৈ টকাৰ যোগাৰ কৰিবলৈ। সেই সময়ত উজনি অসমত শঙ্কৰ বৰুৱা, নগাৱত মহেন্দ্ৰ হাজৰিকা আৰু লক্ষ্মী প্ৰসাদ গোস্বামী, তেজপুৰৰ গহনচন্দ্ৰ গোস্বামীয়ে বিপ্লৱৰ কামত নিয়োজিত হৈ আছিল৷ কামৰূপত অমলপ্ৰভা আৰু গোৱালপাৰাত দলবীৰ লোহাৰ আৰু আন কৰ্ম্মীসকল। এই মুখিয়াল কৰ্ম্মীসকলৰ উপৰিও হেজাৰ হেজাৰ শান্তিসেনাৰ ডেকা-ডেকেৰী আৰু শ শ মৃত্যুবাহিনীৰ ডেকা ডেকেৰীয়ে বিপ্লৱত জীৱন আহুতি দিবলৈ সষ্টম হৈ আছিল। কিন্তু ভাৰতৰ আন প্ৰদেশবোৰত বৃটিছৰ অত্যাচাৰৰ হেঁচাত বিপ্লৱৰ জুই নেদেখা হৈ আহিছিল৷ অল ইণ্ডিয়া নেতৃত্বৰ পৰা একো নতুন কাৰ্য্যসুচী নহাৰ বাবেই অসমীয়া বিপ্লৱী দল হাবিয়ে-বননিয়ে অনাই বনাই ফুৰিবলগীয়াত পৰিল আৰু লাহে লাহে হিংসামূলক কাৰ্য্যলৈ ঢাল খালে।

 জ্যোতিপ্ৰসাদ যদিও আঁৰে আঁৰে ফুৰিছিল, তথাপিও আৱশ্যক মতে