এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আমাৰ মন-গা জুৰাই যায়।” আৰু ই ভাষাৰ খাচ আৰু নিভাঁজ শব্দৰ লগত মানুহৰ জাতীয় ভাবৰো চিনাকি দিছে।
শ্ৰীযুত কটকীদেৱৰ লেখা এই “লট্কন”তে নহয় মই দেখিবলৈ পোৱা প্ৰায়বিলাক কিতাপতে এনেকুৱা ভাষাৰ “হাড়মগজু” স্বৰূপ শব্দ আৰু জতুৱা ঠাঁচৰ ব্যৱহাৰ বহুত পৰিমাণে পাব। মই সেই কাৰণে অন্ততঃ কটকীদেৱৰ কিতাপবিলাক পঢ়াশালিত বেচি পৰিমাণে চলিলে ভাল পাম। “লট্কন”ৰ গল্পবিলাক সৰু সৰু লৰা-ছোৱালীবিলাকৰ উপযোগী হৈছে আৰু আন আন মানুহেও ইয়াৰ গল্পবিলাকৰ সোৱাদ নেপালেও লেখাত আমাৰ ভাষাৰ পৰা উঠি যাব খোজা বহুত ভাল ভাল নিভাঁজ অসমীয়া শব্দ পঢ়িবলৈ পাব আৰু সেই শব্দবিলাক জীবিত থাকিবলৈ উপায় হব যেন লাগে। ইতি-
শ্ৰীদেবেশ্বৰ চলিহা।
যোৰহাট
২৩।৯৷ ১৯৪১