সমললৈ যাওক

পৃষ্ঠা:লট্‌কন্‌.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 “লটকন” লেখক শ্ৰীযুত মহেশ চন্দ্ৰ শৰ্মা কটকীদেৱৰ আৰু কেবাখনো সাধু কথাৰ কিতাপ মই পঢ়িবলৈ পাইছোঁ। তেওঁৰ লেখাবিলাক সদায় নিভাঁজ শুদ্ধ অসমীয়া। আজিকালি বহু ন লেখকে বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰি আমাৰ ভাষা চহকী কৰিবৰ উদ্দেশ্বেৰেই বোধ কৰোঁ নানা ধৰণৰ কিতাপ আৰু আলোচনীবিলাকত প্ৰবন্ধ লেখা দেখিবলৈ পাইছোঁ। কিন্তু সেইবিলাক লেখাৰ ৰচনা-ৰীতি তেনেই অসমীয়া নহয় বুলি কব পাৰি-সি বঙলুৱা-বঙলা শব্দ যে ব্যবহাৰ কৰিছেই লেখাৰ ঠাচো তেনেই বঙলুৱা। অৱশ্যে তেওঁবিলাকে কয় যে আমাৰ উমৈহতীয়া সম্পত্তি সংস্কৃত ভাষাৰ পৰা অনা শব্দ বঙলাত ব্যৱহৃত হল বুলি সি চুৱা হব নোৱাৰে। কিন্তু নিজৰ ভাষাত চলিত থকা কথাবিলাক বাদ দি তাৰ সলনি সংস্কৃত শব্দ ধাৰ কৰি ব্যৱহাৰ কৰাৰ আবশ্যকতা কি? ভাষাত চলন্তি হৈ থকা শব্দবিলাক অপ্ৰচলিত কৰিবৰ আৰু ইয়াতকৈ সহজ উপায় নাই। ভাষাৰ সুকীয়া জাতিয়ত্ব আৰু বিশেষত্বৰ সেই- বিলাক ঘৰুৱা নিভাঁজ আৰু শুদ্ধ অসমীয়া কথা আমাৰ ভাষাৰ হাড়মগজু-তাক বাদ দি অন্য প্ৰকাৰে চলিলে ভাষাৰ জাতীয় জীৱনৰ আয়ুস কমি যে যাব তাকো নিশ্চয়কৈ কব পাৰি। "নিষ্কলঙ্ক চন্দ্ৰমাৰ সুশীতল জ্যোতিয়ে আমাৰ শাৰীৰিক আক মানসিক প্ৰবৃত্তি স্নিগ্ধ কৰে"-এই কথা ফাকিত ব্যৱহাৰ কৰা কথাবিলাক সংস্কৃতীয়া হলেও অসমীয়া ব্যাকৰণৰ ঠাঁচত পৰি কথাখিনি অসমীয়া বুলিব লাগিব; কিন্তু "নিৰ্মল চন্দ্ৰৰ সুশীতল জেউতিয়ে আমাৰ শৰীৰ আৰু মন শান্ত কৰে”-এই ফাকি আগৰ ফাকিতকৈ অসমীয়া ভাষাৰ সুকীয়া বিশেষত্বৰ বেচি ওচৰ চাপিল আৰু বোধ কৰোঁ আৰু তাতোকৈ অসমীয়া ভাষাৰ নিজত্ব প্ৰকাশ কৰিব এই ফাকি কথাই "ফটফটীয়া জোনৰ শাঁতলগা কিৰণত