পৃষ্ঠা:লট্‌কন্‌.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩০ )

পালেগৈ। ডিঙিটো যেনিবা ঠাৰিছিগা পদুমটিহে। মাছবোৰে তাক দেখি সুধিলে, "মোমাই, তুমি উলটি আহিলা দেখোঁ”? বগলীৰ ছিঙা মূৰটো দাঙি ধৰি কেঁকোৰাই কলে, "চাটু কথাৰে মাছবোৰ ভুলাই সিহঁতক নি শিলত পেলাই বগলীয়ে ইমান দিনে খাই আছিল। ইয়াৰ পৰা সেই ঠাইলৈ সৰহ দূৰ নহয়। সেই কথা জনা মাত্ৰকে মোৰ চেপেনাৰে খাই-পাত-ফলাৰ টেঁটুত চেপা মাৰি ধৰি ডিঙি ছিঙি পেলালোঁ। কিজানি কথাটো নপতিওৱায়; সেই দেখি, তোমালোকক দেখুৱাবলৈ তাৰ ডিঙিটোকে লৈ আহিছোঁ। এতিয়া চিন্তা নকৰিবা। আমি সকলোটি আগৰ দৰে এই পুখুৰীতে মিলিজুলি থাকোঁহক”।