পৃষ্ঠা:লট্‌কন্‌.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৯)

খাওঁচোন। ইয়াৰ মঙহ বৰ সোৱাদ-তাত সমূলি হাঁড় নাই-সোপাই তেল'। ইয়াকে ভাবি সি কেঁকোৰাটো বোকোচাত লৈ ওপৰেদি উৰি গল।

কিন্তু বগলী ওচৰত থকা বহুত বিল-পুখুৰী পাৰ হৈ গল আৰু ৰদত খৰ্খৰীয়া হৈ থকা শিল এচটাত নামিবলৈ কাৰবাৰ কৰিলে। তাকে দেখি কেঁকোৰাই বগলীক সুধিলে, "মোমাই, তুমি কোৱা সৰোবৰখনলৈ আৰু কিমান দূৰ আছে?” বগলীয়ে কলে, "সৌ চেপেটা শিলচটা দেখিছনে? মাছ আটাইবোৰ তাতে নিৰাপদে মেলি থৈছোঁহি; খন্তেক ৰ, এতিয়া সিহঁতৰ দৰে তোৰো গতি লাগিব”।

কেঁকোৰাই তললৈ চাই দেখিলে যে শিলচটাৰ চাৰিওফালে মাছৰ হাড়মূৰৰ পৰ্ব্বতাকাৰ দ'ম-তাৰ গা জিকাৰ খাই উঠিল। সি ভাবিলে, 'বগলীটো মিত্ৰৰূপী শত্ৰু; সি কঢ়িয়াই অনা আটাইখিনি মাছ খালে আৰু সৌ দ'মটোত দেখা জঁকা আৰু হাড়মূৰবোৰ সিহঁতৰেই। এনেস্থলত মই কি কৰা উচিত! দ-কৈ ভাবিচিন্তি চাই কাম কৰিবলৈ সময় নাই; সেই দেখি সি মোক শিলত পেলোৱাৰ আগতে চাৰিওটা ঠেঙেৰে তাৰ টেঁটুতে চেপা মাৰি ধৰোঁ'। বগলীয়ে পলাবলৈ চেষ্টা কৰিছিল কিন্তু স্বভাৱতে মূৰ্খ বাবে সি কেঁকোৰাৰ চেপেনাৰ চেপা এৰুৱাব নোৱাৰিলে-তাব নেলুটো তেতিয়াই ছিগি গল।

কেঁকোৰাই বগলীৰ ছিগা ডিঙি লাহে লাহে চোঁচোৰাই নি পুখুৰী