পৃষ্ঠা:লট্‌কন্‌.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৭)

আহি কলে, "মোমাই, আজি দেখোন খাবলৈ একো কাৰবাৰ কৰা নাই? ইমান মন-মাৰি আছা কিয়”?

বগলীয়ে কলে-“শুনিছা ভাগিন, গাত বল, বুধি থকা কালত মুখে বোলে মানে মাছ খালোঁ। অলপতে তোমালোক সকলোটিৰ ওপৰত এটা ডাঙৰ বিপদ পৰিবহি আৰু বুঢ়া হোৱা হেতুকে মই সহজে জীয়াই থকা বাটৰো মূৰ মৰিব”।

কেঁকোৰাই কলে, "সেইটোনো আকৌ কি বিপদ”? বগলীয়ে কলে, "পুখুৰী পাৰৰ বাটেদি মই এজাক মাছমৰীয়াই আজি পুৱা কথা পাতি যোৱা শুনিলোঁ-সিহঁতে কলে বোলে এইটো হাতীয়ে-মাউতে তল যোৱা ৰজাদিনীয়া ডাঙৰ পুখুৰী-ইয়াত মাছে ঠাহ খাই আছে; আজি আমি নগৰৰ কইটাত থকা বিললৈকে যাওঁ-কাইলৈ বা পৰহিলৈ ইয়াত জাল বামহি। কথাটো যদি সঁচা হয় তেন্তে তোমালোক নিগমে মৰিবা আৰু মোৰো ভিকাচন ভাগিব। এইবোৰ কথা ভাবিচিন্তি মোৰ মনত আজি বৰ বিষাদ লাগিছে”।

ভয়-লগা এই মিছা বাতৰিটো শুনি মাছবোৰৰ গাত তত নাইকিয়া হল। সিহঁতে বগলীক মিনতি কৰি কোনোৱে 'মোমাই', কোনোৱে 'বোপাই', কোনোৱে 'ককাই', 'বন্ধু' বা 'বিজ্ঞলোক' বুলি সম্বন্ধ ধৰি তাক কলে, "তুমি আমাৰ বিপদৰ কথা জানা যেতিয়া তাৰ পৰা নিস্তাৰৰ