"জেঠুৱে হৰিলে মোৰ যতমানে ধন;
ভেড়াৰ যুঁজত হল শিয়াল নিধন;
তিৰী দোষে মৰে এবে বপুৰি নাপিত;
নিজ দোষে দণ্ড আমি পাওঁ যথোচিত।”
সিবিলাকে সুধিলে, "দেউ, ই কি কথা”? দেৱদত্তই সিসকলক তিনিওটি ঘটনা ভাঙিছিঙি কলে। সিবিলাকে তেওঁৰ কথা আচৰিত হৈ শুনি থাকি নাপিতক মুক্তি দিলে আৰু নাপিতনীৰ ফালে চাই কলে "তেন্তে নিজৰ দোষত তাইৰ নাক কটা পৰিছে-আমাৰ আদেশ-তাইৰ কাণ দুখনো কটা হওক। তাইৰ প্ৰতি এনেকুৱা শাস্তি বিহাহে শাস্ত্ৰৰ মত”। কোটোৱালে তেতিয়াই তাইৰ কাণ দুখনো ঘোচাকৈ কাটি পেলালে। দেৱদত্তই ঘটনাকেইটাৰ পৰা শিক্ষা পাই মনক বুজনি দিলে আৰু পাছত মুকলি মনেৰে মঠলৈ উলটিল।
⸻
মাছ, কেঁকোৰা আৰু বগলী।
এটা ডাঙৰ পুখুৰীৰ পাৰত থকা হাবি এখনত এটা বগলী আছিল। বুঢ়া হলত, সি পৰিশ্ৰম নকৰাকৈ খাবৰ উপায় চিন্তিবলৈ ধৰিলে। সেই দেখি সি এদিন মাছ ধৰিবলৈ অলপো চেষ্টা নকৰি কন্দনামুৱা হৈ পানীৰ দাঁতিত থিয় হৈ ৰল। মাছবোৰে কিন্তু তাৰ ওচৰতে লুটিয়ালুটি কৰি আছিল। মাছবোৰৰ মাজত কেঁকোৰা এটাও আছিল। সি বগলীৰ ওচৰলৈ