মন কৰ; সতীত্বৰ তেজৰ বলত মোৰ কটা নাক পূৰ্ব্ববৎ হল।” সি জোঁৰ লগাই চাই দেখিলে যে তাইৰ নাকটো সঁচাকৈ আগৰ দৰেই আছে; কিন্তু চোঁতাল গোটেইখন তেজেৰে ডোঙাডোং। সি আচৰিত হৈ তেতিয়াই তাইৰ বান্ধ মোকলাই দিলে আৰু চেনেহৰ মাতেৰে তাইক বহুত চেঁচনি দিবলৈ ধৰিলে। দেৱদত্তই গোটেই ঘটনাটো দেখি আছিল আৰু তাইৰ চোকা বুধি আৰু মহতালি দেখি অবাক হল। তেওঁ ভাবিলে, 'মাইকী মানুহৰ বুধিৰ আগত স্বৰ্গৰ দেৱতা আৰু পাতালৰ নাগৰ বুধিও জোঁৰৰ আগত বাতিৰ পোহৰ যেন হয়। তেনে স্থলত তিৰুতাৰ আগত পুৰুষৰ কেৰামতালি সমূলি নৰজে'।
নাপিতনী মূৰ ঘুমাই বহি আছে, এনেতে ৰজাঘৰৰ পৰা তাইৰ গিৰিয়েক ওলালহি। ৰজা আৰু ডাঙৰীয়া সকলৰ ডাঢ়ি-মূৰ খুৰাই থাকোঁতে বেলি হোৱাত সি আগদিনা ঘৰলৈ আহিব নোৱাৰিলে। নগৰত বৰ জৰুৰী কাম থকাত সি দোকমোকালিতে ঘৰলৈ আহিল। সি দুৱাৰ মুখত থিয় হৈ মাতিবলৈ ধৰিলে, "ৰান্ধনী-ৰান্ধনী, সাৰ পাইছানে? মোক বেগতে খুৰৰ চুঙাটো উলিয়াই দিয়া- মই এতিয়াই নগৰলৈ যাওঁ”।
কিন্তু তাৰ নাককাটী তিৰুতাই ততালিকে এটা বুধি সাজিলে। তাই ভিতৰতে চুচুকচামাককৈ থাকি মাথোন এখন খুৰ বাহিৰলৈ উলিয়াই দিলে। নাপিতে সি খোজামতে আটাইখিনি খুৰ নেপাই খঙৰ ভমকত খুৰখন বুটলি লৈ তাইৰ গালৈ দলি মাৰি দিলে। ইয়াকে চেলু পাই তাই ঘৰৰ পৰা বাহিৰ ওলাই