পৃষ্ঠা:লট্‌কন্‌.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৩)

নাছিল। সেই দেখি মাইকী দুজনীৰ সকলো কাণ্ড তেওঁ নিজ চকুৰে দেখি আছিল।

এনেতে বিহুৱাক দেখা কৰি তাঁতীয়নী ঘৰলৈ উভতি আহিল। তাই নাপিতনীক সুধিলে, "বাইটী, ভালেকুশলে আছনে? মই যোৱাৰ পাছত ই কাতি-কুতা কৰিছিলনে কি?” নাপিতনীয়ে কলে, "তোৰ উপকাৰ কৰিবলৈ যাওঁতে মোৰ নাকটো হেৰাল-তাৰ বাহিৰে গাৰ ইছোৱা ভাল। এতিয়া খৰকৰ-সি আহি পোৱাৰ আগতে মোক মোকলাই দে, আইহে। তেহে যদি ৰাতিৰ ভিতৰতে ঘৰ পাওঁগৈ। সেয়ে নহলে সি মোৰ কাণ কাটি আৰু অনেক উপদ্ৰৱ কৰিবও পাৰে।”

সেই কথা শুনি তাঁতীৰ ঘৈণীয়েকে লগৰীক ততাতৈয়াকৈ মোকলাই দি নিজে আকৌ খুঁটাত বান্ধ খাই থাকিল। তাৰ পাছত তাই গিৰিয়েকক কুকুৰে কাঁইট নোখোৱাকৈ ককৰ্থনা কৰি কলে, "হেৰ হেবাং মানুহটো, মোৰ নিচিনা সতী আৰু সৰ্ব্বগুণৱতী তিৰুতা তই কত পাবি? মোক শাস্তি দিবৰ বা নাককাণ কাটিবৰ কাৰ সাধ্য আছে! মই দেৱতাসকলকহে সাক্ষী কৰিছোঁ; যদিহে মই কোনোবা পবপুৰুষৰ কথা সচেতে-সপোনে ভাবিছোঁ তেন্তে সিবিলাকে মোক তৎক্ষণাৎ ভস্ম কৰক; আৰু যদিহে তাকে কৰা নাই, তেন্তে মোৰ কটা নাক পুনৰ গজাই দিয়ক”।

এই দবে বকবকাই তাই আকৌ কলে, "হেৰ ৰসাতললৈ যোৱাটো, এই ফালে