পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম অধ্যায়

যৌন-তত্ত্ব

 সমাজৰ আদি অৱস্থাত পৰ্ব্বত গুহাবাসী মানুহে কামনাৰ উদ্দীপনাত সঙ্গ বিচাৰিছিল। স্ত্ৰী-পুৰুষৰ পৰস্পৰৰ প্ৰতি কামনাই জীৱ-প্ৰবাহৰ মূল প্ৰেৰণা। অৱশ্যে কামনাৰ ভিতৰত বহুতো ক্ষেত্ৰত জীৱসৃষ্টিৰ আকাঙ্ক্ষা নাথাকে। কামনাৰ চৰিতাৰ্থত জীৱসৃষ্টিৰ উদ্দেশ্য নিহিত আছে বুলি মূলতে কলে ভুল নহব। কিন্তু এই আশক্তি বা কামনা চৰিতাৰ্থ নহলে জীৱসৃষ্টি সম্ভব নহয়, গতিকে জীৱসৃষ্টিৰ মূলতে কামনাৰ দ্বাৰায় আকৃষ্ট স্বী-পুৰুষৰ যৌন মিলন। জীৱসৃষ্টিৰ ওপৰতেই জগত নিৰ্ভৰ কৰিছে আৰু তাৰ ওপৰতেই মানৱ সমাজ অৱস্থিত। সভ্যতাৰ প্ৰতি মানুহৰ বিৰাট অভিযানৰ লগে লগে কামনাৰ বাহিৰেও প্ৰেম বুলি এটি চিত্তবৃত্তিয়ে মানুহৰ হৃদয় স্পন্দিত কৰি তাৰ পূৰ্ণ সমাধানত অন্তৰৰ প্ৰেৰণা জগায় তোলে।

 কামনাৰ ভিত্তিৰ ওপৰতেই প্ৰেমৰ মহামহিমাময় মন্দিৰ থাপনা কৰি গঢ়ি তোলা হৈছে।

 প্ৰেমৰ অপূৰ্ব্ব মধুময় সঙ্গীতত জগতৰ অনন্ত যৌৱন মুখৰিত হৈ উঠে।

 কবিৰ কল্পনা ৰাজ্যত প্ৰেমৰ ৰত্ন-বিভূষিত মণিময় সিংহাসন অক্ষয় হৈ আছে। জগত ৰিক্ত হৈ যাব, যদি আজি কবিসকলৰ প্ৰেমৰ উন্মাদিনী ঝঙ্কাৰ হঠাতে মৌন, স্তব্ধ হৈ যায়, জগতৰ জীৱন সাহিত্য; সাহিত্যৰ জীৱন কাব্য আৰু কাব্যৰ জীৱন প্ৰেম। যৌন আকৰ্ষণৰ বিকাশতেই প্ৰেমৰ বিকাশ আৰু যৌন মিলনৰ পূৰ্ণতাতেই প্ৰেমৰ পৰিণতি। গতিকেই যৌন মিলনকে কেন্দ্ৰ কৰিয়েই স্ত্ৰী-পুৰুষৰ কৰ্ম্ম, চিন্তা আৰু অনভূতিয়ে নিজৰ গভীৰতম শক্তি উপলব্ধি কৰিছে। যদিও প্ৰেমৰ সত্ত্বা কামনাৰ পৰা বেলেগে কল্পনা কৰিব পাৰি তথাপি প্ৰেমৰ উৎপত্তি আৰু লয় কামনাতেই। এনে অৱস্থাত প্ৰেমৰ বিজয়-কেতন উৰুৱাৰ লগে লগে কামনাৰ জয় গীতেৰে দশোদিশ মুখৰিত হৈ উঠে।

জীৱ সৃষ্টিৰ লগত কামনাৰ লগালগি সম্বন্ধ থাকিলেও জীৱ সৃষ্টিৰ কথা এৰি দিয়ো মনুষ্য জীৱনত কামনাৰ স্থানো কম নহয়।

 স্ত্ৰী-পুৰুষে পৰস্পৰত কামনা কৰে সৰ্ব্ব মন-প্ৰাণ দি। এই কামনা বাদ দিলে জীৱনৰ সৌন্দৰ্য্য, মিলনৰ মাধুৰ্য্য কিমান কমি যায় তাক সহজে অনুমান কৰিব পাৰি। যৌৱনৰ অপূৰ্ব আনন্দ-হিল্লোলত নিজকে অলেখ প্ৰকাৰে প্ৰকাশ কৰিবলৈ স্ত্ৰী-পুৰুষ উভয়ে ব্যগ্ৰ, যৌন মিলনৰ মধুৰ পৰিকল্পনাত বিভোল।

 কোনো কোনো মহাপুৰুষে কামনা জয় কৰি আত্মপ্ৰতিষ্ঠা কৰিবলৈ মানুহক শিকাইছে। মহাপুৰুষসকলৰ সেই চেষ্টা কিছু পৰিমাণে ফলৱতী হলেও মুঠতে সুফল দিয়া দেখা নাযায়। আজীৱন ব্ৰহ্মচৰ্য্য (স্ত্ৰী-পুৰুষৰ উভয়ৰ পৰস্পৰ সঙ্গ বৰ্জ্জন) পালনৰ পক্ষপাতি যিবিলাক সৰু ডাঙৰ সঙ্ঘ আজিলৈকে স্থাপিত হৈছে তাৰ প্ৰায়বিলাকেই আদি স্থাপন কৰ্ত্তাৰ মূল উদ্দেশ্যৰপৰা আঁতৰি গৈছে, আৰু যোৱাতোকেই আমি স্বাভাৱিক যেন দেখোঁ, কাৰণ নিজ প্ৰকৃতিৰ তীব্ৰ শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰা অতি টান। ফলত এই বিধৰ অনুষ্ঠানবিলাকে সৰ্ব্বসাধাৰণৰ উপকাৰতকৈ অপকাৰহে কৰা দেখা যায়। এনে বিধৰ অনুষ্ঠানৰ সংখ্যা নিচেই কম, গতিকেই সেই বিলাকৰ কাৰ্য্যয় জীৱন প্ৰবাহৰ গতি নিৰ্দ্দেশ কৰিব নোৱাৰে। সেই বাবেই অনুষ্ঠানৰ দোষ-গুণ বহলাই বিচাৰ কৰা নহল।

 কেৱল অতীত আৰু বৰ্ত্তমানকে আলচি ইতিহাসৰ সামৰণি মাৰিলে তাৰ আলোচনা সম্পূৰ্ণ নহব। ভবিষ্যতৰ মুখলৈ চাই বৰ্ত্তমান সভ্য জগত আগ্ৰহ, আশঙ্কাৰে স্পন্দিত হৃদয় লৈ বহি আছে। কোনোবা যুগত মানুহে এই জগতত মনুষ্যত্বৰ পূৰ্ণ বিকাশ লাভ কৰিব, কোনোবা দিনত সৰ্ব্বসমাজত ভ্ৰাতৃভাৱ স্থাপিত হব, কোনো ক্ষণত পৃথিবীত স্বৰ্গৰাজ্য প্ৰতিষ্ঠিত হব,